বাইহাটা চাৰিআলি, 29 নৱেম্বৰ: কামৰূপৰ বাইহাটা চাৰিআলিত দেওবাৰে আৰক্ষীয়ে জব্দ কৰে ৭০ কাৰ্টন অবৈধ পাউদাৰ গাখীৰৰ পেকেট । বাইহাটা চাৰিআলি আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত আলিপূৱ গাঁৱৰ মহম্মদ চাহাব আলীৰ ঘৰত অভিযান চলাই জব্দ কৰে পাউদাৰ গাখীৰখিনি । আৰক্ষীয়ে জব্দ কৰা গাখীৰৰ পেকেটকেইটা নেষ্টলে এভৰী ডে’ ডেইৰী মিল্কৰ ।
বাইহাটাত ৭০ কাৰ্টন নেষ্টলে এভৰী ডে’ ডেইৰী মিল্কৰ পেকেট জব্দ - illegal milk powder seized in baihata
অবৈধ পাউডাৰ গাখীৰৰ কাৰ্টনসহ বাইহাটাত আটক এজন ৷ গাখীৰৰ কাৰ্টনকেইটাৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰাৰ বাবে আৰক্ষীয়ে আটক কৰে চাহাব আলীক ৷

বাইহাটাত ৭০ কাৰ্টন নেষ্টলে এভৰেদি ডেইৰী মিল্কৰ পেকেট জব্দ
বাইহাটাত ৭০ কাৰ্টন নেষ্টলে এভৰেদি ডেইৰী মিল্কৰ পেকেট জব্দ
গাখীৰৰ কাৰ্টনকেইটাৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰাৰ বাবে চাহাব আলীক আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীৰ দলটোৱে গাখীৰখিনি সৰবৰাহ কৰা AS 25 EC 3263 নম্বৰৰ বলেৰ' পিকআপ ভানখনো জব্দ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জব্দকৃত গাখীৰ খিনিৰ মূল্য প্ৰায় 3.50 লাখ টকা ।