অসম

assam

ETV Bharat / state

নীলা কেৰাচিনেৰে ক'লা ব্যৱসায় সমবায় ভাণ্ডাৰত !

শুৱালকুছিত সুলভ মূল্যৰ দোকানত অধিক দৰত বিক্ৰী হৈছে কেৰাচিন ৷ সমবায় খণ্ডৰ দুখনকৈ দোকানত গ্ৰাহকৰ পৰা অধিক দাম লৈ কেৰাচিন বিক্ৰী কৰাৰ লগতে নিয়ামীয়াকৈ কেৰাচিন যোগান নধৰাৰ অভিযোগ তুলিছে হিতাধিকাৰীয়ে ৷

illegal market of kerosene
illegal market of kerosene

By

Published : May 12, 2020, 6:42 PM IST

আমিনগাঁও, 12 মে' : শুৱালকুছিত এতিয়া চলিছে নীলা কেৰাচিনৰ ক'লা বজাৰ। অধিক মূল্যত কেৰাচিন বিক্ৰী হৈছে চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত সুলভ মূল্যৰ দোকানত। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বামুণ শুৱালকুছি গ্ৰাহক সমবায় ভাণ্ডাৰ লিমিটেড আৰু শুৱালকুছি কৈৱৰ্তপাৰা অনুসূচিত গ্ৰাহক সমবায় লিমিটেডত।

নীলা কেৰাচিনেৰে ক'লা ব্যৱসায় সমবায় ভাণ্ডাৰত !

যিটো সময়ত অন্য চৰকাৰী সুলভ মূল্যৰ দোকানে নীলা কেৰাচিন ৩০ ৰ পৰা ৩৫ টকাত গ্ৰাহকক যোগান ধৰে তেনে সময়তে এই দুখন ভাণ্ডাৰে গ্ৰাহকক নীলা কেৰাচিন বিক্ৰী কৰি আহিছে প্ৰতিলিটাৰত ৪৫ টকা দৰত। কৰ'ণা মহামাৰীৰ প্ৰভাৱত সাধাৰণ ৰাইজ আৰ্থিকভাৱে ভাগি পৰাৰ সময়তে দৰিদ্ৰ ৰাইজক কেৰাচিন বিক্ৰীৰ নামত মাধমাৰ দিয়া কাৰ্যই চকু কপালত তুলিছে সচেতন মহলৰ। অতিষ্ঠ গ্ৰাহকে এতিয়া বিচাৰিছে যোগান বিভাগৰ হস্তক্ষেপ।

নীলা কেৰাচিনেৰে ক'লা ব্যৱসায় সমবায় ভাণ্ডাৰত !

আনহাতে, গ্ৰাহকৰ অভিযোগ অনুসৰি বামুণ শুৱালকুছি গ্ৰাহক সমবায় ভাণ্ডাৰ লিমিটেডে নিয়মীয়াকৈ গ্ৰাহকক যোগান নধৰে কেৰাচিন।

লগতে পঢ়ক :সমাগত বাৰিষাক লৈ চিন্তিত বান বিধ্বস্ত অঞ্চলৰ লোক !

ABOUT THE AUTHOR

...view details