গুৱাহাটী , ১১ মাৰ্চ :পূবকামৰূপৰ মিৰ্জাৰ গোঁসাইহাটত থকা মনোৰম মালিয়াটা পাহাৰত এতিয়া অবাধে চলিছে খনন কাৰ্য । পূবকামৰূপ বন সংমণ্ডলৰ পলাশবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত আছে এই মালিয়াটা পাহাৰ ।
মিৰ্জাৰ মালিয়াটা পাহাৰত বন মাফিয়াৰ অবৈধ খনন - বন মাফিয়াৰ অবৈধ খনন কাৰ্য
এই সন্দৰ্ভত বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা

মালিয়াটা পাহাৰত বন মাফিয়াৰ অবৈধ খনন কাৰ্য
পাহাৰখনত অবৈধ খনন অব্যাহত থকাৰকৰাৰ লগতে গছ গছনি কাটি ধ্বংস কৰিছে একাংশ দুৰ্বৃত্তই । এতিয়া প্ৰশ্ন হয় বন মাফিয়াৰ এই দুষ্কাৰ্য পলাশবাৰী মিৰ্জা আঞ্চলিক বনাঞ্চল পূব কামৰূপ সংমণ্ডলৰ বিষয়াৰ চকুত পৰিব নে, নে এনেকৈয়ে খনন কাৰ্য্যত সহযোগিতা কৰি যাব বন বিষয়াই ।