ৰঙিয়া,৫ জানুৱাৰী :ৰাজ্যত অব্যাহত আছে সুৰাৰ অবৈধ সৰবৰাহ (Illegal supply of liquor in Assam)। একাংশ দুষ্টচক্ৰই অসমৰ মাজেৰে বহিঃৰাজ্যলৈ অৰুণাচলৰ সুৰাৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । আৰক্ষীয়ে জব্দ কৰা সুৰাভৰ্তি বাহন জ্বলাই দিলে কোনো দুৰ্বৃত্তই । ৰঙিয়া আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
আৰক্ষীয়ে জনোৱা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মঙলবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে অৰুণাচলী সুৰাভৰ্তি এখন কণ্টেইনাৰ (Rangia police seized liquor loaded truck) । কণ্টেইনাৰ খনত গোপনে অনা হৈছিল প্ৰায় ২০০ কাৰ্টুন অৰুণাচলী সুৰা (Illegal liquor seized in Rangia)। সুৰাখিনি জব্দ কৰাৰ পাছত RJ-২৩-GA-২১৪১ নম্বৰৰ কণ্টেইনাৰখনৰ থানাৰ বাহিৰতে ৰখাই থোৱা আছিল । কিন্তু ৰহস্যজনকভাৱে নিশা থানাৰ সন্মুখতে জ্বলি উঠে কণ্টেইনাৰখন (Illegal liquor-filled container burnt in Rangia)।