কলিয়াবৰ/ ছয়গাঁও, 31 অক্টোবৰ :অবৈধ সুৰাৰ ব্যাপক প্ৰচলন অব্যাহত আছে কলিয়াবৰত ৷ কিন্তু কলিয়াবৰবাসীৰ অভিযোগ, কলিয়াবৰত সাৰ-সুৰহীন ভূমিকা পালন কৰিছে আবকাৰী বিভাগে ৷ নিধিৰাম চৰ্দাৰৰূপী বিয়াগোম বিভাগটোৰ দায়িত্ব পালন কৰিছে মহকুমা আৰক্ষী প্ৰশাসনে ৷ আবকাৰী বিভাগৰ ছত্ৰছায়াতে কলিয়াবৰত সূলভ হৈ পৰিছে বিদেশী সুৰাৰ অবৈধ বেহা ৷
শনিবাৰে নিশা মহকুমা দণ্ডাধীশক লগত লৈ কলিয়াবৰ আৰক্ষীৰ সহযোগত উলুৱনী আৰক্ষীয়ে চলাই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ একাংশ হোটেল, ধাবাৰ লগতে অবৈধ সুৰা ব্যৱসায়ীৰ ঘৰতো চলিল আৰক্ষীৰ এই অভিযান ৷ অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ সুৰাৰ বটল ।
আনকি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে সুৰা ব্যৱসায়ৰ লগত জড়িত দুজন ব্যক্তিক ৷
উলুৱনী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তই প্ৰকাশ কৰা অনুসৰি, উলুৱনী গাঁৱৰ বিশ্বজিৎ লাঙী ওৰফে জাণ্টু নামৰ অবৈধ সুৰা ব্যৱসায়ীজনৰ ঘৰত বিক্ৰীৰ বাবে মজুত কৰি থোৱা হৈছিল বৃহৎ পৰিমাণৰ বিদেশী সুৰা ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে লাভ কৰিছিল এই তথ্য ৷ এই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে জাণ্টুৰ ঘৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷