ছয়গাঁও, 8 জানুৱাৰী :দক্ষিণ কামৰূপৰ ছয়গাঁৱত পোহৰলৈ আহিছে কয়লাৰ বৃহৎ চোৰাং ব্যৱসায় চলি থকাৰ তথ্য ৷ মেঘালয়ৰ পৰা অসমলৈ একমাত্ৰ কয়লা সৰবৰাহৰ বাবেই পুটি পেলোৱা হৈছে এখন নৈ ৷ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ মনোৰম উকিয়ামৰ মাজেৰে বৈ যোৱা শ্ৰী নামৰ এখন বোৱতী নৈখনৰ ওপৰেদি সাজি উলিওৱা হৈছে এটি পথ । স্থানীয় লোকৰ অভিযোগ অনুসৰি এটা মাফিয়া চক্ৰই কামৰূপ আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াক হাতৰ মুঠিত ৰাখি উকিয়ামৰ পৰা ছয়গাঁও হৈ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছে কয়লা ।
ছয়গাঁও উকিয়াম পথেৰে সৰবৰাহ হয় চোৰাং কয়লা
মেঘালয়ৰ পৰা অসমলৈ একমাত্ৰ কয়লা সৰবৰাহৰ বাবেই পুটি পেলোৱা হৈছে এখন নৈ ৷ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ মনোৰম উকিয়ামৰ মাজেৰে বৈ যোৱা শ্ৰী নামৰ এখন বোৱতী নৈখনৰ ওপৰেদি সাজি উলিওৱা হৈছে এটি পথ ।
এই পথটোৱেদি প্ৰতিনিশা কয়লা ভৰ্ত্তি ট্ৰাক আৰু চাৰিচকীয়া বাহন মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ কৰে ৷ কামৰূপ আৰক্ষী নিমাত বুলি মন্তব্য কৰে স্থানীয় লোকে । লগতে এই নৈখন পুতি পথ নিৰ্মাণ কৰাৰ বিনময়ত ৰজাঘৰীয়া আৰু প্ৰশাসনৰ একাংশ লোকক এক বৃহৎ পৰিমাণৰ ধন মাফিয়া চক্ৰটোৱে আদায় দিয়া বুলিও অভিযোগ উঠিছে । উল্লেখ্য যে , ছয়গাঁও আৰক্ষীয়ে বিভিন্ন পক্ষৰ অভিযোগত দুই এখন কয়লা ভৰ্ত্তি গাড়ী জব্দ কৰিছে । আনহাতে অলপতে ৰাইজৰ অভিযোগত বন বিভাগেও কেইখনমান অবৈধ কয়লা কঢ়িওৱা গাড়ী জব্দ কৰা বুলি জানিব পৰা গৈছে ৷
আৰু পঢ়ক : ছয়গাঁৱত শোৱনি কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহঃ স্বামীগৃহ লণ্ড-ভণ্ড উত্তেজিত ৰাইজৰ