ৰঙিয়া, 9 মেঃ ৰঙিয়াৰ উদিয়ানাৰ পৰা নিশা আৰক্ষীয়ে জব্দ কৰিলে চুপাৰী ভৰ্তি এখন ট্ৰাক ৷ জব্দ কৰা চুপাৰীৰ মূল্য কেবালাখ টকা হ'ব বুলি আৰক্ষীৰ মন্তব্য ৷
ৰঙিয়াত আৰক্ষীয়ে জব্দ কৰিলে চুপাৰী ভৰ্তি ট্ৰাক - আৰক্ষী
আৰক্ষীৰ চকুত ধুলি দি কেনেকৈ ইখন জিলাৰ পৰা আন এখন জিলালৈ সৰবৰাহ কৰে লাখ লাখ টকাৰ চুপাৰী ? জব্দ হোৱা চুফাৰীৰ মূল্য কেইবালাখ টকা হ'ব বুলি শুল্ক বিভাগৰ বিষয়াই জানিবলৈ দিয়ে
প্ৰশাসন আৰু একাংশ আৰক্ষীৰ গোপন মিতিৰালিৰে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ কৰি আহিছে বাৰ্মিজ চুপাৰী। কিন্তু এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়াৰ উদিয়ানাত AS-11CC-8727,নম্বৰৰ ট্ৰাকখন ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে। ট্ৰাকখনত দহ টন চাৰিশ কে জি বাৰ্মিজ চুপাৰী থকা বুলি চালকজনে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে। চালকজনে পৰ্যাপ্ত নথি-পত্ৰ দেখুৱাব নোৱাৰাত ট্ৰাকখন শুল্ক বিভাগক চমজাই দিয়ে আৰক্ষীয়ে। ইতিমধ্যে শুল্ক বিভাগে ট্ৰাকখনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। জব্দ হোৱা চুফাৰীৰ মূল্য কেইবালাখ টকা হ'ব বুলি শুল্ক বিভাগৰ বিষয়াই জানিবলৈ দিয়ে। এতিয়া প্ৰশ্ন হয়,আৰক্ষীৰ চকুত ধুলি দি ইখন জিলাৰ পৰা আন এখন জিলালৈ কেনেকৈ সৰবৰাহ কৰে লাখ লাখ টকাৰ চুপাৰী ?
অধিক পঢ়িবলৈ-প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ পুত্ৰক গ্ৰেপ্তাৰ