অসম

assam

ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত জব্দ অবৈধ অগৰু - ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়

শুল্ক বিভাগৰ অভিযানত গুৱাহাটী বৰঝাৰ বিমানবন্দৰত জব্দ হয় চোৰাংভাৱে সৰবৰাহ কৰা অবৈধ অগৰু কাঠ ৷ ঘটনা সন্দৰ্ভত এজন ব্য়ক্তিক আটক কৰে শুক্ল বিভাগে ৷

বৰঝাৰ বিমানবন্দৰত জব্দ অবৈধ অগৰু

By

Published : Sep 17, 2019, 7:30 PM IST

আজাৰা, 17 চেপ্তেম্বৰঃবৰঝাৰ বিমানবন্দৰৰ পৰা শুল্ক বিভাগে জব্দ কৰে চোৰাং অগৰু ৷ ঘটনা সন্দৰ্ভত এজন ব্যক্তিক আটক কৰে বিভাগে ৷ ইতিমধ্যে চোৰাং ব্যৱসায়ৰ বাবে পল্টনবজাৰস্থিত গুৱাহাটী ৰেলৱে ষ্টেচনৰ পিচতে বিমানবন্দৰতো চকু ৰাখিছে বিভাগে ৷

লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত চোৰাং অগৰু জব্দ

মঙলবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলায় শুল্ক বিভাগে ৷ অভিযানৰ সময়তে এগৰাকী ব্যক্তিক সন্দেহজনক অৱস্থাত পায় বিভাগে ৷ পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীক সোধপোচ কৰাত তেওঁৰ পৰা উদ্ধাৰ হয় চোৰাং অগৰুখিনি ৷ ব্য়ক্তিজনৰ পৰা প্ৰায় 8 কিলোগ্ৰাম অগৰু উদ্ধাৰ কৰা হয় যাৰ বজাৰ মূল্য প্ৰায় 1 লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে বিভাগে ৷

ধৃত ব্যক্তিজন নাগালেণ্ডৰ বাসিন্দা অজয় চেৰাউগি বুলি প্ৰকাশ কৰিছে শুল্ক বিভাগে ৷ গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ বিমানেৰে উৰা মাৰিবলৈ লোৱাৰ প্ৰাকমুহূৰ্ততে ব্যক্তিজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় শুল্ক বিভাগ ৷ পৰৱৰ্তী সময়ত ধৃত ব্যক্তিজনক জব্দ কৰা অগৰুসহ ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গটাই দিয়ে শুল্ক বিভাগে ৷ বৰ্তমানে বন বিভাগে ব্যক্তিজনক সোধা-পোচা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details