অসম

assam

ETV Bharat / state

ঘৰুৱা কন্দলৰ পৰিণতিতেই পত্নীক ডিঙি চেপি হত্যা স্বামীৰ

ৰঙিয়াৰ ইচ্ছাপুৰবাসী কদম আলীয়ে 30 অক্টোবৰত পত্নী দিলোৱাৰা বেগমক নৃশংসভাৱে হত্যা কৰি চাৰি বছৰীয়া সন্তানটোক লগত লৈ আত্মগোপন কৰি আছিল ৷

By

Published : Dec 25, 2020, 9:04 PM IST

Husband arrested for the murder of wife
ঘৰুৱা কাজিয়াৰ পৰিণতিতেই পত্নীক ডিঙি চেপি হত্যা স্বামী

ৰঙিয়া, 25 ডিচেম্বৰ : ৰঙিয়াৰ 2 নং ইচ্ছাপুৰত 30 অক্টোবৰৰ দিনা পত্নীক হত্যা কৰি পলায়ন কৰা কদম আলী নামৰ লোকজনক শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তুলসীবাৰী আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সহযোগত গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে কদম আলীক । আৰক্ষীৰ জেৰাত কদম আলীয়ে পতি-পত্নীৰ ঘৰুৱা কাজিয়াৰ পৰিণতিতেই পত্নীক হাতেৰে ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰে ।

ঘৰুৱা কাজিয়াৰ পৰিণতিতেই পত্নীক ডিঙি চেপি হত্যা স্বামী

ৰঙিয়াৰ 2 নং ইচ্ছাপুৰবাসী কদম আলীয়ে 30 অক্টোবৰত পত্নী দিলোৱাৰা বেগমক নৃশংসভাৱে হত্যা কৰি চাৰি বছৰীয়া সন্তানটোক লগত লৈ পলায়ন কৰে ৷ কদম আলীয়ে পলায়ন কৰাৰ পূৰ্বে পত্নীৰ পৰিয়ালৰ আগত ফোনযোগে পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল । তাৰ পিছৰে পৰা সুদীৰ্ঘ দুমাহ ধৰি আত্মগোপন কৰি আছিল কদম আলী । অৱশেষত আৰক্ষীয়ে কদম আলীয়ে ব্যৱহাৰ কৰা মোবাইলৰ অৱস্থান বিচাৰি গুৱাহাটী হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ অজন্তা নেওগক

ABOUT THE AUTHOR

...view details