অসম

assam

ETV Bharat / state

ৰঙিয়াত RPF জোৱানৰ জালত মানৱ সৰবৰাহকাৰী - শোণিতপুৰ

ৰঙিয়া ষ্টেচনত তহলদাৰী আৰপিএফে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৪ গৰাকী কিশোৰী আৰু ২ টা কিশোৰসহ মুঠ ১৫ গৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

ৰঙিয়াত RPF জোৱানৰ জালত মানৱ সৰবৰাহকাৰী
ৰঙিয়াত RPF জোৱানৰ জালত মানৱ সৰবৰাহকাৰী

By

Published : Jul 22, 2021, 8:16 AM IST

ৰঙিয়া, 21 জুলাই :বুধবাৰে ৰঙিয়া ৰে’ল ষ্টেচনত (RANGIA RAILWAY STATIONS) তহলদাৰী আৰপিএফে (RPF) মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা 4 গৰাকী কিশোৰী আৰু 2 টা কিশোৰসহ মুঠ ১৫ গৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । লগতে এগৰাকী মানৱ সৰবৰাহকাৰী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে টহলদাৰী দলটোৱে । আটক হোৱা মহিলা গৰাকীৰ নাম চাবিনা নায়ক বুলি জানিব পৰা গৈছে ।

উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিন্দুগুৰীত বুলি উল্লেখ কৰিছে আৰক্ষীয়ে । সৰবৰাহকাৰী গৰাকীয়ে মুম্বাইৰ মাছৰ কোম্পানী এটাত কাম কৰাৰ প্ৰলোভনেৰে নিবলৈ ওলোৱা মূহুৰ্তত আৰপিএফে অভিযান চলাই আটাইকেইজনক উদ্ধাৰ কৰিছে । তাৰপাচতে সৰবৰাহকাৰীসহ উদ্ধাৰ কৰা আটাইকেইজনক আৰপিএফে (GRP) থানাত চমজাই দিয়ে । উল্লেখ্য যে, লক ডাউনৰ সময়তো দৰিদ্ৰতাৰ সুযোগলৈ এচাম পৰিয়ালৰ কিশোৰ-কিশোৰীক মানৱ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃ ৰাজ্যত বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

ৰঙিয়াত RPF জোৱানৰ জালত মানৱ সৰবৰাহকাৰী

উল্লেখযোগ্য যে, আন এক ঘটনা সংঘটিত হৈ আহিছে ৰাজ্যত ৷ লক-ডাউনৰ বাবে আৰ্থিক উৰ্পাজনৰ পথ বন্ধ হৈ পৰাত পৰিয়াল ভৰণ পোষণ দিব নোৱাৰি একাংশই নিজৰ কিডনী বিক্ৰীৰ সিদ্ধান্ত ল’বলগীয়া হৈছে । প্ৰথমে মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল গাঁও তাৰপিছত নগাঁও আৰু ডিব্ৰুগড় জিলাত পোহৰলৈ আহিছিল মানৱ শৰীৰৰ অংগৰ ব্যৱসায় (illegal organ trading)ৰ তথ্য ৷ ইয়াৰ পিছতে, তিনিচুকীয়াতো প্ৰথম বাৰৰ বাবে মানৱ অংগ কিনা বেচাৰ ঘটনা পোহৰলৈ আহিল । ৰাজ্যজুৰি সংঘটিত হোৱা এনে ঘটনাৰ অন্তত এতিয়া সচেতন মহলে ধাৰণা কৰিছে যে, সঠিক তদন্তৰ পিছত এতিয়া আৰু অধিক ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়কঃ বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

ABOUT THE AUTHOR

...view details