অসম

assam

By

Published : Nov 27, 2020, 9:51 PM IST

ETV Bharat / state

বিটিচিত এজনো বিজেপি সৰ্মথক নাইঃ হাগ্ৰামা মহিলাৰী

বিটিচিত বিজেপিৰ এজনো সমৰ্থক নাই বুলি দাবী কৰি নিৰ্বাচনী সভাসমূহত বাহিৰৰ মানুহ আনিহে হিমন্ত বিশ্ব শৰ্মাই সভা আয়োজন কৰিছে বুলি কটাক্ষ কৰে হাগ্ৰামাই । বিধানসভা নিৰ্বাচনত বিজেপিয়ে এখনো আসন নাপায় বুলি দাবী কৰি হাগ্ৰামাই বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব বুলি সকিয়াই দিয়ে ।

hugrama-critisese-himanta-biswa-sharma-at-rangia
বিটিচিত এজনো বিজেপি সৰ্মথক নাইঃ হাগ্ৰামা মহিলাৰী

ৰঙিয়া,27নৱেম্বৰঃশুকুৰবাৰে ৰঙিয়াৰ খন্দিকৰৰ উলুবাৰীত বিপিএফ দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰে । কোকৰাঝাৰত হোৱা বিজেপিৰ নিৰ্বাচনী সভাৰ পূৰ্বে মন্ত্ৰী বিশ্ব শৰ্মাৰ আদেশতেই বিপিএফৰ দলীয় পতাকা ছিঙা হৈছে বুলি অভিযোগ কৰে । লগতে বিটিএডিত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে হিমন্ত বিশ্ব শৰ্মা দায়ী হ’ব বুলি হাগ্ৰামাই কয় ।

বিটিচিত এজনো বিজেপি সৰ্মথক নাইঃ হাগ্ৰামা মহিলাৰী

লগতে বিটিচিত বিজেপিৰ এজনো সমৰ্থক নাই বুলি দাবী কৰি নিৰ্বাচনী সভাসমূহত বাহিৰৰ মানুহ আনিহে হিমন্ত বিশ্ব শৰ্মাই সভা আয়োজন কৰিছে বুলি কটাক্ষ কৰে হাগ্ৰামাই । বিধানসভা নিৰ্বাচনত বিজেপিয়ে এখনো আসন নাপায় বুলি দাবী কৰি হাগ্ৰামাই বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব বুলি সকিয়াই দিয়ে । লগতে কয় যে, যদিহে বিটিচিত বিজেপিৰ জয় হয়, তেতিয়া হলে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ দৰে ইয়াতো হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিব হিমন্ত বিশ্ব শৰ্মাই । বিটিচিৰ শাসনত বিপিএফ আহিলে মাটিৰ পট্টা সম্পৰ্কে নীতি সলনি কৰি সকলোকে দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ উপৰিও চাকৰিৰ কথা উল্লেখ কৰি কয় যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত কেৱল বিটিচিৰ বাসিন্দাইহে আবেদন কৰিব পাৰিব । ৰবিৰাম নাৰ্জাৰী আৰু প্ৰদীপ ব্ৰহ্ম‌ই ভোটাৰক ভাবুকি দিয়াৰ কথা অস্বীকাৰ কৰে হাগ্ৰামাৰ । বিপিএফে কোনোধৰণৰ ভাবুকিৰ ৰাজনীতি নকৰে বুলি কয় হাগ্ৰামাই ।

আনহাতে অভিনেতা বিপুল ৰাভাই স্বৰ্ণজ‍্যোতি আঁচনিখনৰ বিষয়ে উপলুঙা কৰি কয় যে, আঁচনি খনৰ পৰা ৰাইজে সুফল নাপালে, ৰাজ‍্যৰ জনসংখ‍্যাহে বৃদ্ধি হ’ল ।

লগতে পঢ়কঃ ‘Cyclone’ কি?

ABOUT THE AUTHOR

...view details