অসম

assam

ETV Bharat / state

গ্ৰাম্য পথেৰে চলিছে ড্ৰাগছৰ বেহা: কমলপুৰত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ - Drugs recovered at Kamalpur

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যত বৰ্তমানেও অব্যাহত ড্ৰাগছ বিৰোধী অভিযান(Operation against drugs) । প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে ড্ৰাগছসহ সৰবৰাহকাৰী । ইফালে সৰবৰাহকাৰীয়েও নিতৌ ন ন কৌশলৰে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ(Drugs smuggling in Assam) । আৰক্ষীৰ চকুত ধূলি দি গ্ৰাম্য পথেৰে ড্ৰাগছ সৰবৰাহ কৰোতেই কামৰূপ আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

7 core drugs seized by kamrup police
গ্ৰাম্য পথেৰে চলিছে ড্ৰাগছৰ সৰবৰাহ: কমলপুৰত জব্দ বুজন পৰিমানৰ ড্ৰাগছ

By

Published : Jul 10, 2022, 12:34 PM IST

বাইহাটা,১০ জুলাই:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান চলাই আছে(Operation against drugs) । কামৰূপ আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইটোৰ পাছত সিটো সফলতা লাভ কৰিছে । তথাপিও কিন্তু নিতৌ ন ন কৌশল অৱলম্বন কৰি ড্ৰাগছ মাফিয়াই কোটি কোটি টকাৰ বৰবিহ ড্ৰাগছ সৰবৰাহ কৰি আছে(Drugs smuggling in Assam) । শেহতীয়াভাৱে মাফিয়া চক্ৰই ড্ৰাগছ সৰবৰাহৰ বাবে গ্ৰাম্য পথ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ।

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বোৰ্কাত শনিবাৰে সন্ধিয়া কামৰূপ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়(Drugs recovered at Kamalpur) । কমলপুৰ বোৰ্কা গ্ৰাম্য পথেৰে টেলিকম ডিউটি লিখা বাহন এখনত বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ তথ্য লাভ কৰি কামৰূপ আৰক্ষীয়ে অভিযান চলায় । এই অভিযানত কামৰূপ আৰক্ষীয়ে প্ৰায় ৭ কোটি টকা বজাৰ মূল্যৰ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় ।

গ্ৰাম্য পথেৰে চলিছে ড্ৰাগছৰ সৰবৰাহ: কমলপুৰত জব্দ বুজন পৰিমানৰ ড্ৰাগছ

এক গোপন সূত্ৰৰ ভিত্তিত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত এক বৃহৎ দলে অভিযান চলাই কমলপুৰ-বোৰ্কা গড়কাপ্টানী পথত হিৰ'ইন এক কেজি, পাচঁ কেজি অপিয়ম, প্ৰায় দুহেজাৰ নিচাযুক্ত SPS-PRIMEVON টেবলেটকে ধৰি বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে AS 01 PC 1623 নম্বৰৰ টাটা ডি আই ভেনত অতি কৌশলেৰে মাফিয়া চক্ৰই ড্ৰাগছ খিনি সৰবৰাহ কৰিছিল ।

বাহনখনত টেলিকম ডিউটি বুলি লিখা লৈ গ্ৰাম্য পথটোৰে বোৰ্কাৰ দিশৰ পৰা কমলপুৰ অভিমুখে গৈ থকা অবস্থাত বাহনখন আৰক্ষীৰ দলটোৱে জব্দ কৰে । বাহনখনৰ টায়াৰ আৰু মিউজিক চিষ্টেমৰ ভিতৰত লুকুৱাই ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল । কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত চলা এই অভিযানটোত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিং, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী, কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন বৰুৱা উপস্থিত থাকে ।

লগতে পঢ়ক:জ্যোতি চিত্ৰবনত 'লংকাকাণ্ড'ৰ ট্ৰেইলাৰ মুকলি

ABOUT THE AUTHOR

...view details