অসম

assam

By

Published : Jul 30, 2021, 1:48 PM IST

ETV Bharat / state

মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কোনো স্থান প্ৰাপকৰ ব্যৱস্থা কৰা নাই ছেবাই ৷ ইয়াৰ বিপৰীতে কেৱল ষ্টাৰ আৰু ডিষ্টিংছনৰ ব্যৱস্থা কৰা হৈছে ৷

as_ghy_HSLC Result 2021: no rank holders almost 30000 students got star distinction_7206058
মেট্ৰিকৰ ফলাফল : নাই স্থানপ্ৰাপক, ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

গুৱাহাটী, 30 জুলাই :30 জুলাই অৰ্থাৎ শুকুৰবাৰে ঘোষণা হ’ল বহু অপেক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল ৷ পৰীক্ষাৰ ফলাফলত এইবাৰ কোনোধৰণৰ স্থান প্ৰাপকৰ ব্যৱস্থা কৰা নাই ছেবাই (SEBA) ৷ ইয়াৰ বিপৰীতে কৰা হৈছে কেৱল ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংছনৰ ব্যৱস্থা ।

সেই অনুসৰি সৰ্বমুঠ ৫১০ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলক ডিষ্টিংছন আৰু ৪৫০ বা ততোধিক নম্বৰ লাভ কৰাসকলক ষ্টাৰ মাৰ্কৰ অন্তৰ্ভুক্ত কৰা হৈছে । এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছন লাভ কৰিছে মুঠ ১০,৩৪৮ গৰাকী শিক্ষাৰ্থীয়ে আৰু ষ্টাৰ মাৰ্ক লাভ কৰিছে মুঠ ২০,০৯২ গৰাকী শিক্ষাৰ্থীয়ে ৷

ডিষ্টিংছন লাভ কৰা ছাত্ৰৰ সংখ্যা ৪,৭৯৭ গৰাকী ইয়াৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা হৈছে ৫,৫৫১ গৰাকী । একেদৰে ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰৰ সংখ্যা হৈছে ৯,৩৩৪ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা হৈছে ১০, ৭৫৮ গৰাকী ।

88,521 গৰাকী ছাত্ৰ-ছাত্ৰী এইবেলি প্ৰথম বিভাগ(first division)ত উত্তীৰ্ণ হৈছে ৷ দ্বিতীয় বিভাগ(second division)ত উত্তীৰ্ণ হৈছে 1,60,298 গৰাকী পৰীক্ষাৰ্থী ৷ আনহাতে, তৃতীয় বিভাগ(third division)ত উত্তীৰ্ণ হৈছে মুঠ 148313 গৰাকী ছাত্ৰ-ছাত্ৰী ৷

লগতে পঢ়ক-উচ্চতৰ মাধ্যমিকৰ উচ্চস্তৰীয় কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত অৱতীৰ্ণ হ’বলৈ মুঠ 4,26,553 গৰাকী পৰীক্ষাৰ্থীয়ে আৱেদন(candidate applied for) জনাইছিল ৷ ইয়াৰে 3,97,132 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ 93.10 শতাংশ ৷ উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত 92.90 শতাংশ ছাত্ৰী হোৱাৰ বিপৰীতে 93.34 শতাংশ ছাত্ৰ ৷

মুঠ 14 টা ৱেবচাইটত উপলব্ধ হৈছে এইবাৰৰ ফলাফল ৷ এই ৱেবচাইট কেইটাৰ পৰা মাৰ্কশ্বিট (Marksheet) ডাউনলোড (Download) কৰি ল’ব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ ইয়াৰে ভিতৰত কেইটামান ৱেবচাইট হ’ল- sebaonline.org, resutassam.nic.in, exametc.com, results.net, vidyavission.com, indiaresult.com, assamresults.in, jagaranjosh.com, schools9.com, assamjobalert.com, ahsec.assam.govt.in আৰু necarrier.com ৷

উল্লেখ্য যে, যদি প্ৰাপ্ত নম্বৰৰ ক্ষেত্ৰত কোনো শিক্ষাৰ্থীৰ সন্দেহ থাকে তেন্তে পৰৱৰ্তী সময়ত "ছেবা"ই অনুষ্ঠিত কৰিবলগীয়া বিশেষ পৰীক্ষাত সুকীয়াকৈ অৱতীৰ্ণ হ’ব পাৰিব । তেতিয়া শুকুৰবাৰে ঘোষিত ফলাফল আৰু মাৰ্কশ্বীট সেই শিক্ষাৰ্থীৰ বাবে বৈধ নহ’ব । এই কথা মাধ্যমিক শিক্ষা পৰিষদ (Board of Secondary Education Assam) চমুকৈ ছেবা(SEBA) কৰ্তৃপক্ষই ৰাজহুৱা কৰিছে ৷

ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষাৰ মূল্যাংকনৰ পদ্ধতি(marking system) সলনি হোৱাত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা সংক্ৰান্তীয় বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ বিভিন্ন দল সংগঠন আৰু শিক্ষাবিদৰ সৈতে চৰকাৰ তথা ছেবা(SEBA) কৰ্তৃপক্ষই আলোচনা কৰি নিৰ্ণয় কৰা পদ্ধতি মতে অৱশেষত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক-নপতা মেট্ৰিকৰ ফলাফল ঘোষণা : উৰ্ত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

ABOUT THE AUTHOR

...view details