অসম

assam

By

Published : Apr 28, 2019, 11:11 AM IST

ETV Bharat / state

এটা জলকীয়াৰ বাবে সতীৰ্থই হত্যা কৰিলে গৃহৰক্ষী জোৱানক

পাকস্থলীত আঘাত পোৱা মজিবৰক শুকুৰবাৰে স্থানীয় চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয় ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত জোৱানজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মজিবৰ ৰহমানৰ মৃত্যু হয় ৷

জলকীয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ জোৱানে হত্যা কৰে সতীৰ্থক

ৰঙিয়া , 28 এপ্ৰিল : ৰঙিয়াত এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এটা জলকীয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ এজন জোৱানে নিৰ্মমভাৱে হত্যা কৰে আন এজন সতীৰ্থক ৷

বৃহস্পতিবাৰে সন্ধিয়া এটি জলকীয়াক কেন্দ্ৰ কৰি গৃহৰক্ষী বাহিনীৰ জোৱান তথা ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ হাউচ গাৰ্ড হিচাপে কৰ্মৰত মজিবৰ ৰহমান আৰু ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকনজ্যোতি নাথৰ গাড়ী চালক উৎপল হুজুৰীৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় ৷ এই তৰ্ক-বিতৰ্কই মাৰপিটত পৰিণত হোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মজিবৰ ৰহমান ৷ পাকস্থলীত আঘাত পোৱা মজিবৰক শুকুৰবাৰে স্থানীয় চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয় ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত জোৱানজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মজিবৰ ৰহমানৰ মৃত্যু হয় ৷

জলকীয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ জোৱানে হত্যা কৰে সতীৰ্থক

ইপিনে শনিবাৰে সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাত ঘটনা সন্দৰ্ভত মজিবৰ ৰহমানৰ পৰিয়ালে জোৱান উৎপল হুজুৰীৰ বিৰুদ্ধে এক গোচৰ তৰে ৷ লগতে ৰঙিয়া আৰক্ষীয়েও বিষয়টো সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ৷ আনহাতে অসম গৃহৰক্ষী বাহিনী কল্যাণ সমিতিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৷ তদুপৰি সমিতিৰ সম্পাদক ইক্ৰাম আলীয়ে ডি আই জি পৰ্যায়ৰ শীৰ্ষ বিষয়াৰ দ্বাৰা ঘটনাটোৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ লগতে মজিবৰ ৰহমানৰ পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰিছে ৷

ABOUT THE AUTHOR

...view details