ৰঙিয়া, 20 জুলাই :নিশ্চিহ্ন হোৱাৰ পথত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়(Historical Arimattha tassel of Rangia in Crisis) । ৰঙিয়াৰ লগতে ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সম্পদ হিচাপে চিহ্নিত আৰিমত্ত গড়ৰ বৃহৎ এটা অংশ ৰঙিয়াৰ মাদৈকাটাত খহাই নিয়ে প্ৰলয়ংকাৰী বানে । বিগত ১৬ জুনত পুঠিমাৰী নৈৰ মথাউৰি চিঙি অসমৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আৰিমত্ত গড়টো এফালৰ পৰা নৈৰ প্ৰৱল সোঁতে খহাই নিয়াত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷
ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়টো বানৰ প্ৰৱল সোঁতে খহাই নিয়াত কুৰিখনৰো অধিক গাঁও প্ৰায় এমাহ ধৰি জলমগ্ন হৈ আছে । স্থানীয় ৰাইজে বহু চেষ্টা কৰিও ৰক্ষা কৰিব নোৱাৰিলে ঐতিহাসিক ৰজাদিনীয়া আৰিমত্ত গড়টো(Arimattha tassel of Rangia in Crisis) । যদি শীঘ্ৰেই বুৰঞ্জী প্ৰসিদ্ধ আৰিমত্ত গড়টো ভগ্ন অংশ পুনঃনিৰ্মাণ কৰা নহয় তেন্তে নৈৰ পানী বাঢ়িলেই বানত ডুব যাব কুৰিখনতকৈ অধিক গাঁও ।
নিশ্চিহ্ন হোৱাৰ দিশে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ইফালে, ইতিহাস প্ৰসিদ্ধ এই গড়টোৰ ঠায়ে ঠায়ে গছ-গছনি কাটি তহিলং কৰিছে একাংশই । কৰ'বাত বেদখল অথবা কৰ'বাত মাটি খনন কৰিছে একাংশই । যদি এনেদৰেই চলি থাকে তেন্তে ঐতিহাসিক সমল থকা এই আৰিমত্ত গড়টো কালৰ গৰাহত হেৰাই যাব । সেয়ে অতি সোনকালে ঐতিহাসিক ৰজাদিনীয়া আৰিমত্ত গড়টো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছে ৰাইজে ।
নিশ্চিহ্ন হোৱাৰ দিশে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় উল্লেখ্য যে, ১১৪২ খ্ৰীষ্টাব্দত অসমীয়াৰ গৌৰৱোজ্জল ইতিহাসৰ সম্পদ হিচাপে চিহ্নিত আৰিমত্ত গড়টো ৰজা আৰিমত্তই ৰাজ্য ৰক্ষাৰ নিমিত্তে নিৰ্মাণ কৰিছিল । গড়টোৰ পৰিসীমাৰ ভিতৰত থকা বাৰখন ৰাজহ গাঁৱৰ মুঠ মাটিকালিৰ পৰিমাণ ২৮,৯৬০ বিঘা, ৯ কঠা, ১৬ লেচা । বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল আৰিমত্ত গড়ৰ এলেকাজুৰি । জনগাঠনি বৈচিত্ৰ পূৰ্ণ-হিন্দু, মুছলমান, অসমীয়া, বড়ো, কছাৰী, নেপালী, কলিতা, ব্ৰাহ্মণ, সুদ্ৰঃ, বৈশ্য, কোচ ৰাজবংশী আদি জাতি-জনগোষ্ঠী, ভাষা-বৰ্ণৰ লোকৰ মিলনভূমি আৰিমত্ত গড়ৰ এলেকাজুৰি ।
লগতে পঢ়ক :Farmers appeal: ৰঙিয়াৰ ধুহিবালাত কৃষকৰ আৰ্তনাদ: আমাক জীয়াই থাকিবলৈ কিবা এটা কৰক