ৰঙিয়া, 17 জুন : পুনৰ বেদখলকাৰীৰ কবলত পৰিল প্ৰায় পাঁচশ বছৰ পুৰণি ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ৷ ৰাতিটোৰ ভিতৰতে দুস্কৃতিকাৰীয়ে অসমৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ এই গড়টো কাটি উলিয়াই লৈছে ৰাস্তা । প্ৰায় সত্তৰ মিটাৰ দীঘল আৰু ছয় ফুট বহল গড়টো কোনোধৰণৰ চৰকাৰী অনুমতি অবিহনে কাটি পেলোৱাৰ ঘটনাই তাৎপৰ্য বহন কৰিছে ৷
উল্লেখযোগ্য যে, বুধবাৰে গড়টোৰ পাৰত বাস কৰা কিছুলোকে ঘৰলৈ যাবৰ বাবে পথৰ দুৰত্ব হ্ৰাস কৰিবলৈ গড়ৰ একাষে দীঘলীয়াকৈ মাটি কাটি লৈ যায় । বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজৰ মাজত খবৰটো বনজুইৰ দৰে বিয়পি পৰাত ৰাইজ ঘটনাস্থলীত উপস্থিত হয় । বৈদ্যগৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি লিটন কলিতা আৰু শাসকীয় দলৰ বহুকেইগৰাকী নেতা-কৰ্মী উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।