অসম

assam

ETV Bharat / state

Arimatta Garh : অস্তিত্বৰ সংকটত ঐতিহাসিক আৰিমত্ত গড় - historical Arimatta Garh in existential crisis

ৰাইজে আশংকা প্ৰকাশ কৰিছে যে যুগ যুগ ধৰি অঞ্চলটোক পুঠিমাৰী নৈৰ বানৰ পৰা ৰক্ষা কৰি অহা গড়টোৰ ভগ্নাংশৰে পুনৰ পানী সোমাই আহি বৃহত্তৰ অঞ্চলটোত পুনৰ বানৰ সৃষ্টি কৰিব (historical Arimatta Garh in existential crisis) । ইয়াৰ উপৰি বেদখল, অবৈধ খননৰ কবলত পৰা গড়টো এনেদৰে নিশ্চিহ্ন হৈ যাব বুলিও ক্ষেদ প্ৰকাশ কৰে ৰাইজে ।

Arimatta
Arimatta

By

Published : Dec 8, 2022, 2:58 PM IST

Updated : Dec 8, 2022, 3:27 PM IST

ৰঙিয়া, ৮ ডিচেম্বৰ : প্ৰায় ছমাহ পূৰ্বে বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ভাঙি ৰঙিয়াৰ বৃহত্তৰ অঞ্চলত প্ৰলয়ংকৰী বানৰ সৃষ্টি হৈছিল (Assam flood 2022) । সেই বানতেই মাদৈকাটা অঞ্চলত থকা ঐতিহাসিক আৰিমত্ত গড়ৰ এক বৃহৎ অংশ ভাঙি যায় (historical Arimatta Garh of Rangia) । হঠাতে অহা বানৰ ফলত গড়টোৰ প্ৰায় দুশ ফুট ভাঙি গৈ অঞ্চলটোৰ প্ৰায় ২০ খনতকৈও অধিক গাঁৱত বীভিষিকাৰ সৃষ্টি হয় ।

অস্তিত্বৰ সংকটত ঐতিহাসিক আৰিমত্ত গড়

ভাঙি যোৱাৰ লগে লগে স্থানীয় ৰাইজে গড়টোৰ ভগ্নাংশ নিজে মেৰামতিৰ চেষ্টা কৰিছিল যদিও সফল হ'ব নোৱাৰিলে (Arimatta Garh affected in flood) । বানপানী শামকটাৰ পিছত গড়টোৰ ভগ্নাংশৰ মেৰামতিৰ প্ৰয়োজন আছিল যদিও বৰ্তমানলৈ তেনে ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

স্থানীয় ৰাইজে জনোৱা অনুসৰি, গড়টো পৰিদৰ্শনৰ বাবে এবাৰ বিভাগীয় কৰ্মচাৰী আহিছিল যদিও বৰ্তমানলৈকে মেৰামতিৰ বাবে একো ব‍্যৱস্থা গ্ৰহণ কৰা হোৱা নাই (historical Arimatta Garh in existential crisis) । ৰাইজে আশংকা প্ৰকাশ কৰিছে যে যুগ যুগ ধৰি অঞ্চলটোক পুঠিমাৰী নৈৰ বানৰ পৰা ৰক্ষা কৰি অহা গড়টোৰ ভগ্নাংশৰে পুনৰ পানী সোমাই আহি বৃহত্তৰ অঞ্চলটোত পুনৰ বানৰ সৃষ্টি কৰিব । ইয়াৰ উপৰি বেদখল, অবৈধ খননৰ কবলত পৰা গড়টো এনেদৰে নিশ্চিহ্ন হৈ যাব বুলিও খেদ প্ৰকাশ কৰে ৰাইজে ।

গতিকে ঐতিহাসিক গড়টোৰ ৰক্ষণাবেক্ষণ আৰু বৃহত্তৰ অঞ্চলটোৰ বানপানীৰ পৰা সুৰক্ষাৰ খাতিৰত গড়টোৰ মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে । উল্লেখ্য যে ১১৪২ খ্ৰীষ্টাব্দত অসমীয়াৰ গৌৰৱোজ্জল ইতিহাসৰ সম্পদ হিচাপে চিহ্নিত আৰিমত্ত গড়টো ৰজা আৰিমত্তই ৰাজ্য ৰক্ষাৰ নিমিত্তে নিৰ্মাণ কৰিছিল (kingdom of Arimatta) ।

গড়টোৰ পৰিসীমাৰ ভিতৰত থকা বাৰখন ৰাজহ গাঁৱৰ মুঠ মাটিকালিৰ পৰিমাণ ২৮,৯৬০ বিঘা, ৯ কঠা, ১৬ লেচা । বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল আৰিমত্ত গড়ৰ এলেকাজুৰি । জনগাঁথনিও বৈচিত্ৰ্যপূৰ্ণ । হিন্দু, মুছলিম, অসমীয়া, বড়ো, কছাৰী, নেপালী, কলিতা, ব্ৰাহ্মণ, শূদ্ৰ, বৈশ্য, কোছ ৰাজবংশী সকলো জাতি-জনগোষ্ঠী, ভাষা-বৰ্ণৰ মানুহৰ মিলন ভূমি আৰিমত্ত গড়ৰ এলেকাজুৰি । যদিহে চৰকাৰে সোনকালে গড়টো পুণৰ নিৰ্মাণৰ ব‍্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে হয়তো কালৰ গৰাহত চিৰদিনৰ বাবে হেৰাই যাব ঐতিহাসিক আৰিমত্ত গড়টো ।

লগতে পঢ়ক :Morigaon Medical College : মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

Last Updated : Dec 8, 2022, 3:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details