বকো, জুলাই 23 : ঐক্য আৰু সম্প্ৰীতিৰ মিলন ভূমি বুলি কোৱা হয় অসম ভূমিক ৷ অসম মুলুকৰে নগৰবেৰাৰ শিমলীতোলাত সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে ৷ ধৰ্মপিতা হিচাপে মান্য এগৰাকী 85 বছৰীয়া বৃদ্ধৰ মৃত্যুৰ পাচত যাৱতীয় কাজ-কৰম কৰিছে এই যুৱকজনে ৷ যুৱকজনৰ নাম চায়েদ আলী ৷ কেও কিছু নোহোৱা নগেন দাস আৰু সিদ্ধেশ্বৰী দাস নামৰ এহাল বৃদ্ধ দম্পতীয়ে ধৰ্মপুত্ৰ হিচাপে মানি আহিছিল চায়েদক ৷ মৃত্যুৰ পূৰ্বে নগেন দাসে চায়েদক অনুৰোধ জনাইছিল তেখেতৰ মৃত্যুৰ পিচত যাৱতীয় সকলো নীতি-নিয়ম পালন কৰিবলৈ ৷
ধৰ্মৰ ভেটা ভাঙি মহানুভৱতাৰ চানেকি দেখুৱালে চায়েদে - ETV_ASSAM
সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে ৷ ধৰ্মপিতা হিচাপে মান্য এগৰাকী 85 বছৰীয়া বৃদ্ধৰ মৃত্যুৰ পাচত যাৱতীয় কাজ-কৰম কৰিছে এই যুৱকজনে ৷ কেও কিছু নোহোৱা নগেন দাস আৰু সিদ্ধেশ্বৰী দাস নামৰ এহাল বৃদ্ধ দম্পতীয়ে ধৰ্মপুত্ৰ হিচাপে মানি আহিছিল চায়েদক ৷ নগেন দাসৰ মৃত্যুৰ পিচত মৃতুকৰ সকলো নীতি-নিয়ম বৈদিক ৰীতি-নীতিৰে পালন কৰিছে চায়েদে ৷
সেই মৰ্মে নগেন দাসৰ মৃত্যুৰ পিচত মৃতকৰ সকলো নীতি-নিয়ম বৈদিক ৰীতি-নীতিৰে পালন কৰিছে চায়েদে ৷ অৱশ্যে এইসমূহ কাম সম্পাদনৰ বাবে গাঁওবাসীৰ পৰা অনুমতিও লৈছে যুৱকজনে ৷ আনকি শ্ৰাদ্ধ আদিৰ সকলো খৰচ নিজে বহন কৰাৰ লগতে আত্মীয়-কুটুম্ব, গাঁওবাসীক নিমন্ত্ৰণ জনোৱা আদি সকলো কাম নিজেই কৰিছে চায়েদে ৷ কথাতে কোৱা হয় যাৰ আপোন বুলিবলৈ কোনো নাথাকে, সেইজনৰ বাবে ভগৱানেই হৈ পৰে সহায় ৷ নগেন দাসৰ বিধবা পত্নীৰ বাবে এতিয়া একমাত্ৰ সহায় ধৰ্মপুত্ৰ চায়েদ আলী ৷ ধৰ্মৰ উৰ্ধত গৈ মহানুভৱতাৰ নিদৰ্শন দেখুওৱা চায়েদৰ এই কৰ্ম নিঃসন্দেহে শলাগিবলগীয়া ৷ যিসময়ত এচাম ধৰ্মান্ধ মানুহে জাত-পাতৰ নামত সমাজত ভেদাভেদৰ বিষবাষ্প বিয়পাই আহিছে ,তেনে সময়তে চায়েদ আলীয়ে দেখুওৱা এই আদৰ্শই সমাজক নতুন এক মাত্ৰা দিছে ৷ এই মহানুভৱতা যেন মানৱ সমাজৰ বাবে হৈ পৰিছে মানৱীয়তাৰ এক চানেকি স্বৰূপ ৷