অসম

assam

ETV Bharat / state

এইবাৰ দক্ষিণ কামৰূপত হিমন্তৰ নাচ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে বিভিন্ন দল-সংগঠনৰ নিৰ্বাচনী প্ৰচাৰ ৷ নাচি-বাগি দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তত নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৷

By

Published : Apr 20, 2019, 8:40 PM IST

এইবাৰ দক্ষিণ কামৰূপত হিমন্তৰ নাচ

আজাৰা, 20 এপ্ৰিল : মঞ্চত আকৌ এবাৰ হিমন্তৰ নাচ ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নাচি-বাগি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ ৷ শনিবাৰে অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটৰ জনজাতীয় অধ্যুষিত এলেকাত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই ৷

এইবাৰ দক্ষিণ কামৰূপত হিমন্তৰ নাচ

হিমন্তৰ লগতে নিৰ্বাচনী প্ৰচাৰসভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিং, ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য সম্পাদক টংকেশ্বৰ ৰাভা,সাংসদ ৰামেশ্বৰ তেলী,বিধায়ক প্ৰণৱ কলিতাৰ লগতে বিজেপিৰ নেতৃবৰ্গ ৷ কংগ্ৰেছে ধুতি লুঙিৰ ৰাজনীতি কৰি অসমবাসীক প্ৰতাৰণা কৰা বুলি জনসভাত কংগ্ৰেছক তীব্ৰভাষাৰে সমালোচনা কৰে বিজেপিয়ে ৷ অসমবাসীৰ বিজেপিৰ প্ৰতি থকা প্ৰীতি দেখি কংগ্ৰেছে ঈৰ্ষান্বিত হৈ যিকোনো মন্তব্য কৰা বুলিও জনসভাতে উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

...view details