অসম

assam

ETV Bharat / state

পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ কৰক সংখ্যালঘু সম্প্ৰদায়ে: মুখ্যমন্ত্ৰী - জনসংখ্যা নিয়ন্ত্ৰণ

বৃহস্পতিবাৰে নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ হোৱাৰ এমাহ উপলক্ষে সাংবাদিকৰ সৈতে মুখামুখি হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ৷ এই অনুষ্ঠানতে, সংখ্যালঘু সম্প্ৰদায়ক (minority community) দৰিদ্ৰতা হ্ৰাস কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এক "উপযুক্ত পৰিয়াল পৰিকল্পনা নীতি" গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

himanta-urges-minority-community-to-adopt-decent-family-planning-policy-for-poverty-reduction
পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ কৰক সংখ্যালঘু সম্প্ৰদায়ে: মুখ্যমন্ত্ৰী

By

Published : Jun 11, 2021, 4:19 PM IST

গুৱাহাটী, 11 জুন: চৰকাৰৰ ৩০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সংখ্যালঘু সম্প্ৰদায়ক দৰিদ্ৰতা হ্ৰাস কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এক "উপযুক্ত পৰিয়াল পৰিকল্পনা নীতি" গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

এইক্ষেত্ৰত সম্প্ৰদায়টোৰ সকলো লোকে আগবাঢ়ি আহিব লাগিব আৰু সমাজত দৰিদ্ৰতা হ্ৰাস কৰাত চৰকাৰক সমৰ্থন কৰিব লাগিব বুলি মন্তব্য কৰি সমাজৰ এই দৰিদ্ৰতাৰ বাবে জনসংখ্যাৰ অবিৰত বৃদ্ধিকে মুখ্য কাৰণ হিচাপে অভিহিত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

তেওঁ লগতে কয়, "চৰকাৰ সকলো দৰিদ্ৰ লোকৰ অভিভাৱক কিন্তু জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ৰ সমৰ্থনৰ প্ৰয়োজন ৷ দৰিদ্ৰতা, নিৰক্ষৰতাৰ মূল কাৰণ সঠিক পৰিয়াল পৰিকল্পনাৰ অভাৱ ।" মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় যে, তেওঁৰ চৰকাৰে সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাসকলক শিক্ষিত কৰাৰ দিশত কাম কৰিব যাতে, এই সমস্যাৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পৰা যায় ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, চৰকাৰে মন্দিৰ, সত্ৰ আৰু বনভূমি বেদখলৰ অনুমতি দিব নোৱাৰে আৰু সংখ্যালঘূ সম্প্ৰদায়ৰ সদস্যসকলেও চৰকাৰক আশ্বাস দিছে যে তেওঁলোকে এই ভূমিসমূহ বেদখল কৰিব নিবিচাৰে ৷ সম্প্ৰদায়টোৰ নেতাসকলক আত্মনিৰীক্ষণ কৰিবলৈ আৰু লোকসকলক জনসংখ্যা নিয়ন্ত্ৰণৰ অনুশীলন কৰিবলৈ উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

লগতে পঢ়ক :উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details