অসম

assam

ETV Bharat / state

ৰাজনৈতিক সংকট : মণিপুৰৰ চাৰি বিধায়ক আৰু কনৰাড চাংমাসহ ইম্ফললৈ যাত্ৰা মন্ত্ৰী হিমন্তৰ - himanta biswa sarma

বুধবাৰে নিশা দিল্লীৰ পৰা আহি বৃহস্পতিবাৰে পুনৰ মণিপুৰৰ চাৰি বিধায়ক আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে সৈতে মণিপুৰ অভিমুখে ৰাওনা হ'ল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৷

manipur
manipur

By

Published : Jun 25, 2020, 3:53 PM IST

আজাৰা, 25 জুনঃমণিপুৰৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে বুধাবাৰে মণিপুৰৰ চাৰি বিধায়ক আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে, দিল্লীলৈ ৰাওনা হৈছিল ৰাজ্যিক মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৷ বুধাবৰে বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পিচত বুধবাৰে নিশাই পুনৰ অসমলৈ উভতি আহে ৰাজনৈতিক নেতা কেইগৰাকী ৷

মণিপুৰৰ চাৰি বিধায়ক,মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে ইম্ফল অভিমুখী যাত্ৰা মন্ত্ৰী হিমন্তৰ

বৃহস্পতিবাৰে পুনৰ আটাইকেইগৰাকী নেতা চাটাৰ বিমানযোগে ৰাওনা হয় মণিপুৰ অভিমুখে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত মণিপুৰৰ পৰা উভতি অহাৰ পিচত জনাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃমণিপুৰৰ ৰাজনৈতিক অচলাৱস্থাঃ উদ্ধাৰকাৰীৰ ৰূপত হিমন্ত-কনৰাড

ABOUT THE AUTHOR

...view details