অসম

assam

ETV Bharat / state

কোভিড-১৯ত নিগেটিভ পোৱাসকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান - কোভিড-১৯ত নিগেটিভ পোৱাসকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সোণাপুৰৰ জিলা চিকিৎসালয়ত এক সংবাদমেল সম্বোধন কৰি সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জুনাব আলী আৰু নুৰুদ্দিন আলীৰ দেহত কোভিড-১৯ত নিগেটিভ পোৱা হেতুকে চিকিৎসালয় কৰ্তৃপক্ষই দুয়োজনকে ইতিমধ্যে ঘৰলৈ যাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ লগতে আগন্তুক ২০ তাৰিখৰ ভিতৰত প্ৰায়বোৰ আক্ৰান্ত ৰোগীকে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : কোভিড-১৯ৰ নিগেটিভ পোৱাসকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : কোভিড-১৯ৰ নিগেটিভ পোৱাসকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান

By

Published : Apr 16, 2020, 10:31 AM IST

গুৱাহাটী, 16 এপ্ৰিল : বুধবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ জিলা চিকিৎসালয়ত এক সংবাদমেল সম্বোধন ৷ সংবাদমেলত তেওঁ কয় যে, সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জুনাব আলী আৰু নুৰুদ্দিন আলীৰ দেহত কোভিড-১৯ত নিগেটিভপোৱা গৈছে। দুয়োজন লোককে ইতিমধ্যে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : কোভিড-১৯ৰ নিগেটিভ পোৱাসকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান

লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছত দুয়োকে জাগীৰোড পেপাৰ মিলৰ গেষ্ট হাউচত ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখা হ’ব । ইফালে, শুকুৰবাৰে গোৱালপাৰাত 3 জন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হ’ব ৷ আগন্তুক ২০ তাৰিখৰ ভিতৰত প্ৰায়বোৰ আক্ৰান্ত ৰোগীকে ঘৰলৈ যাবলৈ দিয়া হ’ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ।

আনহাতে,বুধবাৰে নিশা চীনৰওবাংজাওৰ পৰা ৫০ হাজাৰ PPE Kit পোনপটীয়াকৈ গুৱাহাটী এয়াৰপৰ্ট পাইছেহি। কেন্দ্ৰীয় চৰকাৰে পৰা দিয়া নিৰ্দেশ অসমে মানি চলিব আৰু নতুনকৈ কোনো নিয়মাৱলী ৰাজ্য চৰকাৰে জাৰি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক : চীনৰ পৰা অসম আহি পালে 50 হাজাৰ PPE kit

ABOUT THE AUTHOR

...view details