ৰঙিয়া, 20 এপ্ৰিলঃ হাজোত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বলৈ গৈ মৃত্যুমখত পৰা বালিসত্ৰৰ নিবাসী ফণীধৰ দাসৰ ঘৰত শনিবাৰে উপস্থিত হ'ল মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা । পুৱা ১০.৪০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ সংঘৰ বাকৰিত অস্থায়ী ভাৱে নিৰ্মিত হেলিপেডত অৱতৰণ কৰি দাসৰ বাসগৃহ অভিমুখে ৰাওনা হয় মন্ত্ৰীগৰাকী ।
মৃত বিজেপি সমৰ্থকৰ ঘৰত হিমন্ত বিশ্ব শৰ্মা - ৰঙিয়া
নিৰ্বাচনী সভাত অসুস্থ হৈ মৃত্যু হোৱা ফণীধৰ দাসৰ ঘৰত উপস্থিত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী । ফণীধৰ দাসৰ মাতৃৰ লগতে পৰিয়াল বৰ্গক সমবেদনা জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
ফণীধৰ দাসৰ ঘৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
তেওঁক সংগ দিয়ে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে । ফণীধৰ দাসৰ মাতৃৰ লগতে পৰিয়াল বৰ্গক সমবেদনা জনায় মন্ত্ৰীগৰাকীয়ে ।