অসম

assam

সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 14, 2020, 10:01 PM IST

শেহতীয়াকৈ সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, সাংবাদিক পৰাগ ভূঞাক হত্যা কৰা হৈছে নে দুৰ্ঘটনা সেইয়া চিআইডি তদন্তত পোহৰলৈ আহিব ৷ এই দুৰ্ঘটনাক হত্যাকাণ্ড বুলি কৈ মৃতকৰ প্ৰতি অসন্মান কৰা হ’ব ৷

Himanta Biswa Sarma at Baihata Chariali samannay play ground foundation stone ceremony
বাইহাটা চাৰিআলিৰ সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কামৰূপ, 14 নৱেম্বৰঃশনিবাৰে বাইহাটা চাৰিআলিৰ সমন্বয় ক্ৰীড়াক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে ৷ শেহতীয়াকৈ সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনা সন্দৰ্ভত মন্তব্য কৰি তেখেতে কয়, সাংবাদিক পৰাগ ভূঞাক হত্যা কৰা হৈছে নে দুৰ্ঘটনা সেইয়া চিআইডি তদন্তত পোহৰলৈ আহিব ৷ এই দুৰ্ঘটনাক হত্যাকাণ্ড বুলি কৈ মৃতকৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বাইহাটা চাৰিআলিৰ সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ইয়াৰ উপৰিও ৰাজনৈতিক সকীয়নীৰ বাবে আজমলৰ মুখত পাকিস্তান মুৰ্দাবাদ ধ্বনি ওলোৱা বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে, শংকৰদেৱ কলাক্ষেত্ৰত সোমাবলৈ বদৰুদ্দিন আদমলে অনুমতি গ্ৰহণ কৰিব লাগিব বুলিও সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক-হোজাইত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ

TAGGED:

ABOUT THE AUTHOR

...view details