অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা কলংকিত নেতাঃ চিত্তৰঞ্জন বসুমতাৰী

আঞ্চলিকতাবাদৰ চিন্তাৰে গঠন হোৱা এ জে পিয়ে সকলো আঞ্চলিক শক্তিক একগোট কৰি চৰকাৰ গঠনেৰে নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি যাব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে অসম জাতীয় পৰিষদৰ আহ্বায়ক গৰাকীয়ে ৷

Himanta Bishwa Sharma is a stigmatized leader
হিমন্ত বিশ্ব শৰ্মা কলংকিত নেতাঃচিত্তৰঞ্জন বসুমতাৰী

By

Published : Sep 22, 2020, 5:47 PM IST

ছয়গাঁও,22ছেপ্তেম্বৰঃ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৰে কলংকিত নেতাক কেতিয়াও গ্ৰহণ নকৰে অসম জাতীয় পৰিষদে । মঙলবাৰে ছয়গাঁৱৰ দলৈপাৰাস্থিত শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে পৰিষদৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ তদুপৰি বসুমতাৰীয়ে এ জে পিৰ জন্মৰ পিছৰে পৰা হিমন্ত বিশ্ব শৰ্মাই শ‌ংকিত হৈ হকে-বিহকে বলকিবলৈ আৰম্ভ কৰিছে বুলি কটু সমালোচনা কৰে ৷

হিমন্ত বিশ্ব শৰ্মা কলংকিত নেতাঃচিত্তৰঞ্জন বসুমতাৰী

আনহাতে,আঞ্চলিকতাবাদৰ চিন্তাৰে গঠন হোৱা এ জে পিয়ে সকলো আঞ্চলিক শক্তিক একগোট কৰি 2021ত চৰকাৰ গঠনেৰে নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি যাব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে অসম জাতীয় পৰিষদৰ আহ্বায়ক গৰাকীয়ে ৷

উল্লেখযোগ্য যে, শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত অসম জাতীয় পৰিষদৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে দীপাঞ্জলৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰে ৷

লগতে পঢ়কঃবিশ্ব গঁড় দিৱস ২০২০

ABOUT THE AUTHOR

...view details