অসম

assam

ETV Bharat / state

তোলনীয়া সন্তানক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে

আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা কন্যা সন্তানক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে Coal India Limited ওড়িশাৰ এগৰাকী উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে ৷ নিজ খুলশালীয়েকৰ কন্যা সন্তানকে নিজৰ সন্তান গ্ৰহণ কৰি ওড়িশালৈ লৈ যায় বিগত চাৰি বছৰে যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে সুবোধ চামাদ্দাৰ নামৰ বিষয়া গৰাকীৰ বিৰুদ্ধে ৷

তোলনীয়া সন্তানক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে
তোলনীয়া সন্তানক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে

By

Published : Jun 22, 2021, 7:17 PM IST

ৰঙিয়া,22 জুন: ৰঙিয়াত পোহৰলৈ আহিছে এক জঘণ্য ঘটনা ৷ আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা কন্যা সন্তানক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ওড়িশাৰ এগৰাকী উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে ৷ ঘটনা অনুসৰি, 4 বছৰ পূৰ্বে ৰঙিয়াৰ এটি পৰিয়ালে আৰ্থিক দুৰাৱস্থাৰ বাবে আইনী প্ৰক্ৰিয়াৰে ওড়িশাৰ Coal India Limitedৰ উচ্চ পদষ্ঠ বিষয়া সুবোধ চামাদ্দাৰৰ হাতত গতাই দিছিল ৷ নিজ খুলশালীয়েকৰ কন্যা সন্তানকে নিজৰ সন্তান গ্ৰহণ কৰি ওড়িশালৈ উৰা মাৰিছিল দুই পতি-পত্নী ৷

কিন্তু তেতিয়াৰে পৰা সুবোধ চামাদ্দাৰ আৰু পত্নীয়ে মিলি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকী তথা কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ৷ বাৰে বাৰে নিজ মাহীয়েকক সমগ্ৰ ঘটনা অৱগত কৰিছিল যদিও প্ৰাণে মৰা ভাবুকি দি মুখ বন্ধ কৰি ৰখাৰ বাবে নিৰ্দেশ দিছিল ৷ ওড়িশাত দুবছৰ কাল অতিক্ৰম কৰি পুনৰ অসমলৈ ঘূৰি অহাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

তোলনীয়া সন্তানক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উচ্চ পদষ্ঠ বিষয়াৰ বিৰুদ্ধে

Coal India Limitedৰ উচ্চ পদষ্ঠ বিষয়া সুবোধ চামাদ্দাৰে অসমত কাম সমাপ্ত কৰি পত্নীসহ পুনৰ ওড়িশালৈ উভতি যোৱাৰ যো-জা কৰি থকাৰ সময়তে কিশোৰীগৰাকী নিজ ঘৰলৈ পলাই আহি নিজ আত্মীয়ক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ বিগত চাৰি বছৰে তোলনীয়া পিতৃয়ে চলাই অহা এই জঘণ্য ঘটনা কাৰ্যৰ বিৱৰণ শুনি আৰক্ষীৰ ওচৰ চাপে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, আইনী প্ৰক্ৰিয়াৰে সন্তান হিচাপে গ্ৰহণ কৰি কিশোৰীক চলাই অহা অকথ্য নিৰ্যাতনৰ ন্যায় বিচাৰিছে পৰিয়াল তথা আত্মীয়ই ৷ নিজ খুলশালীয়েকৰ জীয়েকক নিজ সন্তান হিচাপে গ্ৰহণ কৰি যৌন নিৰ্যাতন চলোৱা ঘটনাই সমগ্ৰ ৰঙিয়াতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক:ঘৰ মাটি ভেটি হেৰুৱাই দিশহাৰা মাজুলীৰ 12 হাজাৰ পৰিয়াল

ABOUT THE AUTHOR

...view details