অসম

assam

ETV Bharat / state

প্ৰচণ্ড ধুমুহাত তচনচ সোণাপুৰঃ আহত 10 - injured 10

মাজনিশা অহা বা-মাৰলিয়ে সোণাপুৰ থানাৰ অন্তৰ্গত হহৰা গাঁও পঞ্চায়ত এলেকাত ব্যাপক তাণ্ডৱ চলায় ৷ ধুমুহাত ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহু বাসগৃহ ভাঙি পেলায় ৷ হহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গুমূৰীয়া,কমাৰকুছি,কলংপাৰ,বৰগুগ,বেগিৱাৰী আদি বহু কেইখন গাঁৱত ধুমুহাৰ ফলত গছ-গছনি ভাঙি বিস্তৰ ক্ষতি হোৱাৰ লগতে কম-বেছি পৰিমাণে 10 জনকৈ লোক আহত হয়। আহত সকলক সোণাপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তচনচ সোণাপুৰ

By

Published : Aug 7, 2019, 1:07 PM IST

সোণাপুৰ,7 আগষ্টঃমঙলবাৰে নিশা প্ৰচণ্ড ধুমুহা-বৰষুণে ব্যাপক ক্ষতি-সাধন কৰে মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ ভিন্ন অঞ্চল ৷ মাজনিশা অহা বা-মাৰলিয়ে সোণাপুৰ থানাৰ অন্তৰ্গত হহৰা গাঁও পঞ্চায়ত এলেকাত ব্যাপক তাণ্ডৱ চলায় ৷ ধুমুহাত ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহু বাসগৃহ ভাঙি পেলায় ৷

তচনচ সোণাপুৰঃ

হহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গুমূৰীয়া,কমাৰকুছি,কলংপাৰ,বৰগুগ,বেগিৱাৰী আদি বহু কেইখন গাঁৱত ধুমুহাৰ ফলত গছ-গছনি ভাঙি বিস্তৰ ক্ষতি হোৱাৰ লগতে কম-বেছি পৰিমাণে 10 জনকৈ লোক আহত হয়। আহত সকলক সোণাপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।মাজনিশাৰ ধুমুহাত সমতা অঞ্চলৰ পৰা পবিত্ৰলৈ যোৱা পথচোৱাত বৃহৎ বৃহৎ গছ-গছনি ভাঙি যাতায়ত বন্ধ হৈ পৰে। লগতে বিদ্যুৎ ব্যৱস্থাও সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ উপস্থিত হৈ বন্ধ হৈ পৰা পথছোৱা সুচল কৰিবলৈ কাম অব্যাহত ৰাখিছে।

ABOUT THE AUTHOR

...view details