অসম

assam

ETV Bharat / state

নতুন SOP: 7 জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা - Assam Covid 19

আজি সংবাদমেল যোগে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জাৰি কৰে নতুন এছ অ’ পি (SOP) ৷

health minister keshab mahanta releases new sop
নতুন SOP: 7 জিলাক সম্পূৰ্ণ কন্টইনমেন্ট জ’ন ঘোষণা

By

Published : Jul 6, 2021, 2:23 PM IST

নিউজ ডেস্ক, 6 জুলাই : বুধবাৰৰ পৰা ৰাজ্যত জাৰি হ’ব নতুন এছ অ’ পি (SOP) ৷ এই এছ অ’ পি (SOP) অনুসৰি ৰাজ্যৰ 7 খন জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ‘ন (Full Containment Zone) হিচাপে ঘোষণা কৰা হৈছে ৷ এই জিলাকেইখন ক্ৰমে- গোৱালপাৰা, গোলাঘাট, শোণিতপুৰ, লখিমপুৰ, বিশ্বনাথ, যোৰহাট আৰু মৰিগাঁও ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) মঙলবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে নতুন এছ অ’ পি (SOP) ৷ এই 7 খন জিলাত 24 ঘণ্টাই অব্যাহত থাকিব সান্ধ্য আইন ৷ আনহাতে, 16 খন জিলাত 2 বজাৰ পৰা পুৱা 5 বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷ ম’ডাৰেট পজিটিভিটি (moderate positivity) থকা এই 16 খন জিলা হ’ল- শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, হোজাই, নগাঁও, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আংলং ৷

ইয়াৰ উপৰি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাক পৰৱৰ্তী এসপ্তাহলৈ সূক্ষ্ম নিৰীক্ষণত ৰখা হ’ব ৷

লগতে 11 খন জিলাত য’ত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে, সেই জিলাকেইখনত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বাহাল থাকিব ৷ এই জিলা কেইখনত 4 বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ উপৰি হোটেল, ৰেষ্টুৰেণ্ট আদি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা জিলাকেইখনত সকলো ধৰণৰ ব্যক্তিগত আৰু চৰকাৰী যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব ৷

সমান্তৰালকৈ আন্তঃজিলা যাতায়াত বন্ধ হৈ থাকিব ৷ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান ৷ 5 বছৰৰ তলৰ শিশুৰ মাতৃসকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব ৷ বিবাহ অনুষ্ঠানসমূহত 10 জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷

লগতে পঢ়ক-ক'ভিড নিৰ্দেশনা অধিক কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details