গুৱাহাটী, 19 মে': সোমবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হোৱা কৰ'ণা আক্ৰান্ত ৰোগী অমূল্য কলিতাৰ হাজোৰ নসত্ৰস্থিত বাসগৃহত মঙলবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ মৃত অমূল্য কলিতাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকৰ সতে বাৰ্তালাপ কৰি সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে উক্ত অঞ্চলটো শীঘ্ৰেই কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ কথা ঘোষাণা কৰে মন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, মৃত্যুৰ পাছতহে বৃদ্ধ অমূল্য কলিতাৰ দেহত ধৰা পৰিছিল কৰ'ণাৰ অৱস্থিতি ৷ যাৰ বাবে এই ঘটনাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী আৰু তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ ৷ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা মতে, কেনেকৈ ব্যক্তি জনৰ দেহলৈ কৰ'ণাৰ সংক্ৰমণ ঘটিলা সেইয়া চিন্তনীয় বিষয় ৷ অৱশ্যে বিগত দিন কেইটাত চিকিৎসাৰ বাবে দুখনকৈ চিকিৎসালয়লৈ অহা যোৱা কৰাৰ বাবেই সেই চিকিৎসালয়ৰ পৰা অথবা কামৰ সূত্ৰে ঘুৰিফুৰা পুত্ৰৰ পৰাই এই ভাইৰাছ সংক্ৰমণৰ সন্দেশ প্ৰকাশ কৰাৰ কথা জনাই স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷