অসম

assam

By

Published : Jan 10, 2021, 6:59 PM IST

ETV Bharat / state

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত বাইহাটাত স্বাস্থ্য শিবিৰ

বাইহাটাৰ আগদলা গাঁও পঞ্চায়তৰ যুৱ মৰ্চাৰ সহযোগত পঞ্চায়তখনৰ এলেকাধীন দিব্যাংগ ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় ৷

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যেগত বাইহাটাত স্বাস্থ্য শিবিৰ
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যেগত বাইহাটাত স্বাস্থ্য শিবিৰ

বাইহাটা, 10 জানুৱাৰী: জালুকবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত বাইহাটাত অনুষ্ঠিত কৰা হয় এক স্বাস্থ্য শিবিৰ । আগদলা গাঁও পঞ্চায়তৰ যুৱ মৰ্চাৰ সহযোগত অনুস্থিত হয় স্বাস্থ্য শিবিৰটো । পঞ্চায়তখনৰ এলেকাধীন দিব্যাংগ ব্যক্তিসকলৰ মাজত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰ।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যেগত বাইহাটাত স্বাস্থ্য শিবিৰ

মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ প্ৰায় ত্ৰিশ গৰাকী চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে অঞ্চলটোৰ দিব্যাংগ সকলৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ প্ৰায় দুই শতাধিক দিব্যাংগৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসা সেৱা আগবঢ়াই দিব্যাংগসকলৰ মাজৰ প্ৰমাণ প্ৰত্ৰ বিতৰণ কৰে চিকিৎকৰ দলটোৱে ।

লগতে পঢ়ক:অসম আৰক্ষীৰ জোৱানৰ প্ৰসংশনীয় কৰ্তব্যনিষ্ঠা

ABOUT THE AUTHOR

...view details