কামৰূপ,2 ফেব্ৰুৱাৰী : উত্তৰ গুৱাহাটীত মঙলবাৰে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে স্বাস্থ শিবিৰ মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মহেন্দ্ৰ মোহন হাস্পতাল, আৰুলাচিত গড়গাঁও পঞ্চায়ত, উত্তৰ গুৱাহাটী নগৰ সমিতি আৰু মন্দাকটা গাঁও পঞ্চায়তৰ সহযোগত উত্তৰ গুৱাহটীৰ ৰংমহলত আয়োজন কৰা হয় এই শিবিৰৰ ।
বৃহত্তৰ অঞ্চলটোৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত শাৰিৰীক, মানসিক, চকু, কাণ ,অস্থি ৰোগৰ চিকিৎসা প্ৰদান কৰা হয় । মহেন্দ্ৰ মোহন হাস্পতালৰ প্ৰায় 30 গৰাকী চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিকিৎসা আগবঢ়ায় ।