অসম

assam

ETV Bharat / state

Harmony: জনমানসত আজিও প্ৰবাহিত হৈ আছে সম্প্ৰীতিৰ নৈ - Rangia

ধৰ্মৰ নামত সমাজখন হিংসা অনাচাৰে চানি ধৰাৰ মাজতে ৰঙিয়াত দেখা গ'ল সমন্বয়ৰ এক সুন্দৰ নিদৰ্শন ৷

harmony
সম্প্ৰীতিৰ বাৰ্তা

By

Published : Jun 15, 2023, 2:20 PM IST

সমন্বয়ৰ এক সুন্দৰ নিদৰ্শন

ৰঙিয়া, 15 জুন :ধৰ্মৰ নামত সমাজখন হিংসা অনাচাৰে চানি ধৰাৰ মাজতে ৰঙিয়াত দেখা গ’ল সমন্বয়ৰ এক সুন্দৰ নিদৰ্শন । ৰঙিয়াৰ হাইৱে চকৰ কেন্দ্ৰীয় মছজিদ কমিটিয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা পঞ্চাশৰো অধিক তীৰ্থ যাত্ৰীক মঙলবাৰে মাজ নিশা বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়ালে ।

ঘটনাৰ বিৱৰণ অনুসৰি, ৯ জুন শুকুৰবাৰে পশ্চিম বংগৰ বৰহমপুৰৰ পৰা মা কামাখ‍্যাৰ দৰ্শনৰ বাবে ৫৮ জন যাত্ৰী বাছেৰে অসমলৈ আহিছিল । দুদিনৰ যাত্ৰাৰ অন্তত সমূহ যাত্ৰীয়ে দেওবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা দৰ্শন কৰে । দৰ্শনৰ অন্তত যাত্ৰীসকলে মঙলবাৰে ওভতনি যাত্ৰা আৰম্ভ কৰে যদিও নিশা প্ৰায় দুই বজাত ৰঙিয়াৰ হাইৱে চকৰ কাষত যাত্ৰী সকলৰ বাছখন বিকল হৈ পৰে । বহিঃৰাজ‍্যৰ পৰা অহা পুৰুষ-মহিলাসহ ৫৮ গৰাকী তীৰ্থ যাত্ৰী ৰঙিয়াৰ ৰাজপথত বিমোৰত পাৰে ।

ইফালে ঘটনাটোৰ বিষয়ে অকণমান আঁতৰত থকা ৰঙিয়া হাইৱে চক কেন্দ্ৰীয় মছজিদ কমিটিৰ সদস্য কেইগৰাকীমানে গম পাই যাত্ৰী সকলক নিশাৰ ভাগতেই মছজিদলৈ নিমন্ত্ৰণ জনায় । যাত্ৰীসকলেও নিমন্ত্ৰণ ৰক্ষা কৰি মছজিদতেই আশ্ৰয় গ্ৰহণ কৰে । কিছু সময় পিছত মছজিদ কমিটিৰ সদস্য সকলে যাত্ৰী সকলৰ বাবে গা ধোৱাৰ লগতে খাদ‍্য আৰু বিশ্ৰামৰ ব‍্যৱস্থা কৰে ।

ইয়াৰ উপৰিও বিকল হৈ পৰা বাছখন মেৰামতি কৰিবলৈ মছজিদ কমিটিৰ সদস্য সকলে মেকানিকৰ সৈতেও যোগাযোগ কৰি দিয়ে । বাছখন ঠিক হোৱাৰ সময়খিনিলৈ তীৰ্থ যাত্ৰীসকলেও মছজিদত সময় অতিবাহিত কৰে । কোনো ধৰণৰ ভেদাভেদ নৰখাকৈ যাত্ৰী সকলে মছজিদৰ লোকসকলৰ লগত মত বিনিময় কৰি আহাৰ গ্ৰহণ কৰে । দিনৰ ভাগত ৰঙিয়া প্ৰশাসনৰ লোকসকলেও আহি যাত্ৰী সকলৰ খবৰ লয় । বুধবাৰে দিনত বাছখন ঠিক হোৱাৰ পিছতেই এক সুন্দৰ স্মৃতি বুকুত বান্ধি যাত্ৰীসকলে পুনৰ গন্তব‍্য স্থানলৈ গমন কৰে ।

যাত্ৰাৰ পূৰ্বে মছজিদ কমিটিয়ে তীৰ্থ যাত্ৰী সকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায় । যাত্ৰাৰ পূৰ্বে যাত্ৰী সকলে অসম তথা ৰঙিয়াৰ আতিথ‍্যৰ শলাগ লয় আৰু ভাৰত এখন সঁচা অৰ্থত এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি গৌৰৱেৰে কৈ সকলোৰে পৰা বিদায় মাগে । ধৰ্মৰ নামত চৌদিশে হিংসাৰ পৰিৱেশ ৰচনা হোৱাৰ মাজতেই এই ঘটনাটোৱে সমাজখনলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :Water level of the Subansiri River is rising: যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে সোৱণশিৰিৰ বক্ষত

ABOUT THE AUTHOR

...view details