ৰঙিয়া, 18মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা কৰ্মীৰ মাজত মাজত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ অব্যাহত আছে ৰাজনৈতিক নেতা-কৰ্মীৰ কথাৰ কটা-কটি ৷ এইবাৰ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে কটাক্ষ কৰিলে ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাক ৷
মন্ত্ৰী ভবেশ কলিতা এজন ডকাইত: ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মন - assam election
ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাক ডকাইত আখ্যা হৰেশ্বৰ বৰ্মনৰ ৷ ৰঙিয়া সমষ্টিত ৰাইজৰ দলৰ উত্থান দেখি শংকিত হৈছে বিজেপিৰ প্ৰাৰ্থী ভবেশ কলিতাই বুলি মন্তব্য কৰে হৰেশ্বৰ বৰ্মনে ৷
ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাক ডকাইত আখ্যা ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনৰ । ডকাইতি কৰি পাঁচ বছৰৰ ভিতৰত বিধায়ক ভবেশ কলিতাই সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ তুলিলে প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে । তদুপৰি জলসিঞ্চন বিভাগৰ চাকৰি বিক্ৰী কৰা বজাৰ খনৰ মূল নায়ক হ'ল মন্ত্ৰী ভবেশ কলিতাৰ এগৰাকী ভাগিন জোৱাই আৰু বিজেপিৰ এগৰাকী মণ্ডল কমিটিৰ উপ সভাপতি । পাঁচবছৰ শাসনৰ পিছত চাহ বাগিছা কিনিবলৈ সক্ষম হোৱা ভবেশ কলিতাই ইমান ধন ক'ত পালে বুলি প্ৰশ্ন কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে ৷ আনকি ৰঙিয়া সমষ্টিত ৰাইজৰ দলৰ উত্থান দেখি শংকিত হৈছে বিজেপিৰ প্ৰাৰ্থী ভবেশ কলিতাই বুলি মন্তব্য কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে ৷
লগতে পঢ়ক:ৰহাত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নাজানে নিৰ্বাচনী প্ৰচাৰ চলোৱা ঠাইৰ নাম