ৰঙিয়া, 20 জানুৱাৰী : কয়লাৰ ৰপ্তানি বন্ধ হৈ পৰিছে সমগ্ৰ অসমত । মেঘালয় চৰকাৰে ততাতৈয়াকৈ বন্ধ কৰি দিছে কয়লাৰ ৰপ্তানি (Halt in coal exports across Assam)। যোৱা ১৩ জানুৱাৰীত Directorate of mineral resources বিভাগৰ তৰফৰ পৰা জাৰি কৰা এক জাননী অনুসৰি আগলৈ নতুন জাননী নোপোৱালৈকে মেঘালয়ৰ পৰা কয়লাৰ ৰপ্তানি বন্ধ থাকিব । আনহাতে ৰে’ল বিভাগৰ অধীনত কয়লাৰ ৰে'ল ৰপ্তানি বন্ধ কৰিবলৈও ৰে’ল বিভাগলৈ সুকীয়াকৈ জাননী প্ৰেৰণ কৰিছে Directorate of mineral resources বিভাগে ।
বিষয়টো সন্দৰ্ভত ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকে সাংবাদিকক জনোৱা অনুসৰি মেঘালয়স্থিত Directorate of mineral resources বিভাগৰ তৰফৰ পৰা ৰেলৰ মুখ্য কাৰ্যালয়ক এক জাননী যোগে জনোৱা হৈছিল যে মেঘালয়ৰ কয়লা ৰপ্তানিৰ বাবে যি সমুহ NOC বা Certificate জাৰি কৰা হৈছিল , সেই সকলোবোৰে ১৩ জানুৱাৰী ২০২৩ ৰ পৰা তাৎক্ষণিকভাৱে ৰদ কৰা হৈছে (Coal exports across Assam from January 13)।
আনহাতে মেঘালয়ৰ পৰা হঠাৎ এনেদৰে কয়লাৰ ৰপ্তানি বন্ধৰ কাৰণ জানিব বিচৰাত ৰে’ল বিভাগৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধক বিজয় কুমাৰ শ্ৰীবাস্তৱে এই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে । আনহাতে আগন্তুক জাননী জাৰি নোহোৱা পৰ্য্যন্ত মেঘালয়ৰ পৰা কয়লাৰ ৰপ্তানি বন্ধ হৈ থাকিব বুলি ৰেল বিভাগৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।ইফালে কেইবা দশক ধৰি মেঘালয়ৰ পৰা ৰপ্তানি হৈ থকা কয়লা হঠাৎ বন্ধ হৈ যোৱাৰ ফলত যথেষ্ট প্ৰভাৱ পৰিছে সমগ্ৰ অসমত ।