অসম

assam

ETV Bharat / state

মিলনভূমিত পৰিণত তীৰ্থনগৰী হাজো

পূৰ্বৰ পৰাই তীৰ্থনগৰী হাজোত গঠন হৈ আহিছে হিন্দু-মুছলমানৰ ভাতৃত্ববোধ । এইবাৰ ৰমজান মাহতো এই কথাৰ পূৰ্ণ প্ৰতিফলন দেখা গ'ল ।

By

Published : Jun 3, 2019, 2:21 PM IST

Updated : Jun 3, 2019, 2:30 PM IST

মিলনভূমিত পৰিণত তীৰ্থনগৰী হাজো

কামৰূপ,৩ জুনঃ পৱিত্ৰ ৰমজান মাহত হাজোত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ । ঈদৰ প্ৰাকক্ষণত তীৰ্থনগৰীৰ ন-সস্তাৰ নিবাসী তথা সাধক প্ৰমোদ বেজবৰুৱাই হাজোৰ মুছলিমপট্টি মছজিদত বিতৰণ কৰে কোৰাণ শ্বৰীফ, টুপী,তছবিৰ লগতে ফলমূল । পৱিত্ৰ ৰমজান মাহত মুছলমান ধৰ্মাৱলম্বী লোকক এই সামগ্ৰীসমূহ প্ৰদান কৰি হাজোৰ হিন্দু-মুছলমানৰ ঐক্যৰ এনাজৰী ডাল এতিয়াও যে সুদৃঢ় হৈ আছে তাকে পুনৰবাৰ প্ৰমাণ কৰিলে । সাধক গৰাকীৰ এনে পদক্ষেপৰ দ্বাৰা হাজোৰ শান্তি-সম্প্ৰতি তথা ভাতৃত্ববোধ অটুত থকাৰ কথা প্ৰতিফলন কৰাৰ লগতে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে ৷

মিলনভূমিত পৰিণত তীৰ্থনগৰী হাজো
Last Updated : Jun 3, 2019, 2:30 PM IST

ABOUT THE AUTHOR

...view details