অসম

assam

ETV Bharat / state

দুই সমাজকৰ্মীৰ নেতৃত্বত হাজোত চেনিটাইজেশ্যন - কোভিড 19

কোভিড 19 ৰ সংহাৰ ৰোধ কৰিবলৈ হাজো অঞ্চলৰ সমীপৰ বিভিন্ন গাঁৱৰ চ’ক,বজাৰ,মন্দিৰ,চিকিৎসালয় আৰু একাংশ চৰকাৰী কাৰ্যালয়ত শুকুৰবাৰে চেনিটাইজেশ্যন কৰে হাজোৰ বিশিষ্ট সমাজকৰ্মী বনমালী দাস আৰু গণেশ দাসে ৷ দুয়োগৰাকী সমাজকৰ্মীৰ নেতৃত্বত স্থানীয় ৰাইজে অংশ লয় এই কাৰ্যসূচীত ৷

Hajo sanitization
হাজোত চেনিটাইজেশ্যন

By

Published : Apr 3, 2020, 2:28 PM IST

হাজো,3 এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে হাজোৰ বিশিষ্ট সমাজকৰ্মী বনমালী দাস আৰু গণেশ দাসে তিনিদিনীয়া কাৰ্যসূচীৰে হাজোৰ বিভিন্ন অঞ্চলত চেনিটাইজেশ্যন কৰি বীজাণু নাশ কৰিবলৈ চেষ্টা কৰে ৷ কাৰ্যসূচীৰ দ্বিতীয় দিনা পুৱা 7 বজাৰ পৰা নিশা 8 বজালৈ হাজোৰ সমীপৰ বিভিন্ন গাঁৱৰ চ’ক, বজাৰ আদিত চেনিটাইজ কৰা হয় । বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৫ খন গাঁৱত কৰা হয় চেনিটাইজেশ্যন । ইয়াৰ উপৰি হাজোৰ পাখামেলা চ’ক, নতুন বজাৰ, কলিতাকুছি, বামুন্দী, দামপুৰ, ৰামদিয়া আদি অঞ্চলতো চেনিটাইজেশ্যন কৰা হয় । পানীৰ লগত ব্লিছিং,ফেনাইল,ডেটল আদি মিহলাই জন সমাগম থকা অঞ্চলসমূহৰ লগতে চিকিৎসালয় চৌহদত বীজাণু নাশৰ চেষ্টা চলোৱা হয় । অঞ্চলৰ লোকসকলে ব্যক্তি দুগৰাকীৰ এই কাৰ্যৰ শলাগ লয় ।

হাজোত চেনিটাইজেশ্যন

ABOUT THE AUTHOR

...view details