হাজো,৯ মে': বৃহস্পতিবাৰে হাজোৰ গৰুড়াচল পাহাৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। পোৱামক্কা দৰগাহ শ্বৰীফৰ পৰা উভতাৰ পথত নিয়ন্ত্ৰণ হৰুৱাই পাহাৰীয়া পথৰ দেৱালত খুন্দিয়ালে AS-25DC-8595 নম্বৰৰ মেক্সিম` বাহনখনে ৷ পোৱামক্কা দৰগাহ দৰ্শনৰ উদ্দেশ্যেৰে গৈছিল ছয়গাঁৱৰ গৰৈমাৰীৰ এট পৰিয়াল ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় বাহনখনৰ ১০ জনকৈ আৰোহী ৷ পুৱাই পৰিয়ালটোৰ লোকসকলে হাজোলৈ আহিছিল এন আৰ চিৰ শুনানিৰ বাবে আৰু তাৰ পাছতে গৰুড়াচল পাহাৰত অৱস্থিত দৰগাহ শ্বৰীফ দৰ্শনৰ বাবে গৈছিল ৷
হাজোৰ গৰুড়াচল পাহাৰত ভয়াৱহ পথ দুৰ্ঘটনা
দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় দহজনকৈ আৰোহী। আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।
হাজোৰ গৰুড়াচল পাহাৰত ভয়াৱহ পথ দুৰ্ঘটনা
পোৱামক্কাৰ পৰা উভতাৰ পথতেই সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনাটো ৷ আহত লোককেইজন ক্ৰমে, নিপু সেন,বিনয় সেন,সমীন সেন,কাঞ্চন সেন,মিথুন সেন,বিমল সেন, প্ৰভা ঘোষ,সম্ভু সেন,চাজল ঘোষ,সমীন ঘোষ ৷ সংকতজনক অৱস্থাত আহতসকলক হাজো এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও কাঞ্চন সেন,মিঠুন সেন,সুৰেশ সেন আৰু নিপু সেনক সংকটজনক অৱস্থাত প্ৰেৰণ জি এম চি এইছলৈ।