হাজো,19 মাৰ্চঃ হাজোত সংঘটিত হৈছে পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ ৷ হাজোৰ দলৈটোলা মছজিদৰ পৰা মাজচুবালৈ যোৱা পথটো PMGSY আঁচনিৰ অধীনত ৬৮লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথটো নিৰ্মাণত ব্যাপক বিসংগতি দেখা গৈছে । ঠিকাদাৰ দীনবন্ধু চুতীয়াই বালিৰ ওপৰত ঢালাই কৰি পালমৰা কামেৰে অধিকাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । একাংশ তথাকথিত বিজেপি পালিনেতাক লগত লৈ হাজোত উঠি ৰজা-বহি ৰজা হৈ পৰিছে ঠিকাদাৰ দীনবন্ধু চুতীয়া ।
হাজোত পথ নিৰ্মাণৰ নামত গড়কাপ্তানী বিভাগৰ ঠিকাদাৰৰ ব্যাপক লুণ্ঠন! - PMGSY আঁচনি
হাজোত গড়কাপ্তানী বিভাগৰ ঠিকাদাৰৰ ব্যাপক লুণ্ঠন ৷ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক বাধা বিজেপি পালিনেতাৰ ৷ নিম্নমানৰ কাম সম্পন্ন কৰিয়েই ঠিকাদাৰে লুটিছে ধন। বিভাগৰ নীতি-নিয়মক ভৰিৰে মোহাৰি নিম্নমানৰ কাম কৰি ধন লুণ্ঠনৰ জাল পাতিছে ঠিকাদাৰে ।
![হাজোত পথ নিৰ্মাণৰ নামত গড়কাপ্তানী বিভাগৰ ঠিকাদাৰৰ ব্যাপক লুণ্ঠন! HAJO PWD ROAD CONSTRUCTION CORRUPTION](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6463509-740-6463509-1584598910860.jpg)
পথ নিৰ্মাণত বিসংগতি
পথ নিৰ্মাণত বিসংগতি
ইপিনে,ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক বাতৰি সম্প্ৰচাৰ নকৰিবলৈ বিভিন্ন ভাবুকি দি নিজকে বিজেপিৰ পালিনেতা বুলি পৰিচয় দিয়ে এজন লোকে ৷ দীৰ্ঘদিনে এই পথটোৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি আহিছিল ৰাইজে । পিছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নির্মাণ কৰা পথটোৰ নিৰ্মাণৰ কিছুদিন পিছতে বিভিন্ন ঠাইত মেলিছে ফাঁট । ফলত ক্ষোভিত হৈ পৰিছে ৰাইজ । শীঘ্ৰে দুৰ্নীতি পৰায়ণ ঠিকাদাৰ দীনবন্ধু চুতীয়াক "ব্লেক লিষ্টেড" কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
লগতে চাওকঃ
নিশাৰ আন্ধাৰত আৰক্ষী অহাটো দুৰ্ভাগ্যজনকঃ ভাস্ক’ ডি শইকীয়া
Last Updated : Mar 19, 2020, 2:15 PM IST