হাজো, 18 অক্টোবৰ:যৌতুক উভতাই ল'বলৈ গৈ ঔকিল পৰিল হাজো আৰক্ষীৰ পিঠিত ৷ ঘটনা অনুসৰি, পত্নীয়ে দিয়া এটা গোচৰৰ বাবে হাজোৰ নিবাসী খাইৰুল হকৰ গৃহত উপস্থিত হৈছিল হাজো আৰক্ষী ৷ তাৰ পিচতে ঘটনাস্থলীত সৃষ্টি হয় এক যুদ্ধ সদৃশ পৰিবেশ । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পত্নীৰ গোচৰৰ ভিত্তিত খাইৰুলৰ ঘৰত থকা যৌতুকৰ সামগ্ৰী নিবলৈ উপস্থিত হোৱা আৰক্ষীক খাইৰুলৰ লগতে তেঁওৰ আত্মীয়ই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । এই সমগ্ৰ ঘটনাত আহত হয় দুগৰাকী মহিলা আৰক্ষীৰ লগতে তিনিজনকৈ আৰক্ষী বিষয়া।
যৌতুক আনিবলৈ গৈ গুৰুলা-গুৰুলকৈ পিটন খালে আৰক্ষীয়ে - হাজো যৌতুকৰ নিউজ
উল্লেখযোগ্য যে আদালতৰ নিৰ্দেশনাৰ ভিত্তিত হাজো আৰক্ষীৰ এটা দলে খাইৰুল হক নামৰ এজন লোকৰ ঘৰত বৃহস্পতিবাৰে নিশা ১ বজাত অভিযান চলাইছিল । অভিযান চলোৱা আৰক্ষীক বেয়াকৈ মাৰ-ধৰ কৰি বৰ্তমান ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে উক্ত পৰিয়াটো ৷
ৰঙাঘৰৰ আলহী খাইৰুল আৰু পৰিয়াল
উল্লেখ্য যে, আহত কেইবাজনো আৰক্ষীৰ পোছাক পৰ্যন্ত ফালি দিয়ে খাইৰুল তথা তেঁওৰ আত্মীয়ই। অভিযুক্তৰ আক্ৰমণৰ পৰা সাৰি নগ'ল হাজো থানাৰ উপ পৰিদৰ্শক পুৰবী নৰহ । ইয়াৰ উপৰিও কনিষ্টবল মিতালী দাস আৰু 4th APBN ৰ নায়ক উদয় চন্দ্ৰ ডেকা কিছু পৰিমাণে আঘাটপ্ৰাপ্ত হয় । ইতিমধ্যে ঘটনা সম্পৰ্কত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আটকাধীন লোককেইজন আনছাৰ উল্লা তালুকদাৰ, ৰমজান আলী, ধন আলী, মিন্টু হুছেইন আৰু আনোৱাৰ হুছেইন।
Last Updated : Oct 18, 2019, 12:33 PM IST