অসম

assam

By

Published : Aug 21, 2019, 7:52 PM IST

ETV Bharat / state

শুৱালকুছিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ । চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ।

শুৱালকুছিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

কামৰূপ,21আগষ্টঃ শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ । চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । শশধৰ দাস নামৰ লোকজনক অসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়ত । কিন্তু চিকিৎসালয় আহি পোৱাৰ পাছতে চিকিৎসকক বিচাৰি হাবাথুৰি খাবলগীয়া হ'ল ৰোগীৰ অভিভাৱকে । যাৰ বাবে এঘণ্টা পাচত চিকিৎসক অহালৈ মৃত্যু হ'ল শশধৰ দাসৰ । তাৰপাছতে চিকিৎসক, নাৰ্ছৰ গাফিলটিৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিৰ সৃষ্টি কৰিলে ৰোগীৰ পৰিয়ালে । লণ্ডভণ্ড কৰিলে চিকিৎসালয়ৰ আজবাব । তদুপৰি সেই সময়ত দায়িত্ব থকা চিকিৎসক মিনাক্ষী গগৈয়ে শুই থকাৰো অভিযোগ উত্থাপন উঠিছে ।

শুৱালকুছিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details