নাওখেল প্ৰতিযোগিতাৰে ব্যতিক্ৰমী স্বাধীনতা দিৱস - ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
২০,০০০ হাজাৰ দৰ্শকৰ সমুখত নাওখেল প্ৰতিযোগিতাৰে ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন হাজোত ৷ ২৫ বছৰত ভৰি দিলে হাজোৰ পৰম্পৰাগত নাওখেল প্ৰতেযোগিতাই ৷
হাজো, 17 আগষ্টঃ বিগত বৰ্ষসমূহৰ দৰেই এই বছৰো কামৰূপ জিলাৰ হাজোত ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হয় স্বাধীনতা দিৱস ৷ হাজাৰ হাজাৰ দৰ্শকৰ সমুখত পৰম্পৰাগত হোলোং নাঁও খেল প্ৰতিযোগিতাৰে হাজোবাসীয়ে অনুষ্ঠিত কৰিলে 73 সংখ্যক স্বাধীনতা দিৱস ৷ উল্লেখযোগ্য যে, হাজোৰ পৰম্পৰাগত এই নাওঁখেলে এইবাৰ ২৫ বছৰত ভৰি দিছে । বৰ্নি নাওখেল পৰিচালনা সমিতিয়ে আয়োজন কৰা পুখুৰীবডী দলং ঘাটত আয়োজিত সাতটা হোলোং নাওখেলৰ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ প্ৰায় ২০,০০০ হাজাৰ দৰ্শকে নাওখেল উপভোগ কৰে । হাজোৰ ঐতিহ্য বহনকাৰী এই নাওঁখেল প্ৰতিযোগিতাত অতিথি হিচাপে উপস্থিত থাকে বৰ্নি গাঁও পঞ্চায়তৰ সভাপতি নুৰমহম্মদ আলী , আঞ্চলিক সদস্য আৰ্জুমা বেগম, শনিযাদি গাওঁ, পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইন সহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি । নাওঁখেলৰ প্ৰথম বিজয়ী দল "ৰাইজৰ আৰ্শীবাদ" (বৰ্নি),দ্বিতীয় দল "জলপৰী" (দেহৰকুৰিহা)ক নগদ টকা আৰু বঁটাৰে পুৰস্কাৰ প্ৰদান কৰা হয় ৷