অসম

assam

ETV Bharat / state

অগ্নিকাণ্ডঃ কথামপি ৰক্ষা পৰিল হাজো বৰ্ণিৰ বহুলোকৰ - নাৰিকল গছত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ঘটনা

চৰ্ট-চাৰ্কিটৰ ফলত বিদ্যুতৰ তাঁৰৰ পৰা নাৰিকল গছত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিনিৰ্ব্বাপক বাহিনীৰ দ্বাৰা নিৰ্বাপিত হয় জুই ৷

কথামপি ৰক্ষা পৰিল হাজো বৰ্ণিৰ কেইবাঘৰো লোক

By

Published : Nov 5, 2019, 5:01 PM IST

5 নৱেম্বৰ, হাজোঃ কথামপি ৰক্ষা পৰিল হাজো বৰ্ণিৰ কেইবা ঘৰো লোক ৷ নিশা হাজোৰ বৰ্ণিত সূত্ৰপাত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ চৰ্ট-চাৰ্কিটৰ ফলত বিদ্যুতৰ তাঁৰৰ পৰা নাৰিকল গছ এজোপাত জুই লাগে ৷ ইয়াৰ ফলত গাঁৱখনত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ ৷ পিছত স্থানীয় লোকে খবৰ দিয়াত ঘটনাস্থলীত অগ্নিনিৰ্ব্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰে ৷

হাজো বৰ্ণিত অগ্নিকাণ্ড

স্থানীয় ৰাইজৰ অভিযোগ, বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে মেৰামতি নকৰাকৈ আছে বিদ্যুতৰ তাঁৰ আৰু খুঁটা ৷ যাৰফলত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷

ABOUT THE AUTHOR

...view details