অসম

assam

ETV Bharat / state

আছুৰ প্ৰতিবাদত উত্তাল হাজোৰ ৰাজপথ - হাজো আঞ্চলিক ছাত্ৰ সন্থা

হাজোত বৃদ্ধি পোৱা মদ,জুৱাৰ মুকলি বেহা বন্ধ কৰা,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলা দুৰ্নীতি বন্ধ কৰা,হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ স্নাতকৰ বিজ্ঞান শাখা অতিশীঘ্ৰে মুকলি কৰাৰ লগতে বিদ্যালয় সমূহত খালী হৈ থকা পদ সমূহ পূৰণ কৰা আদি বিভিন্ন দাবীত বুধবাৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৰ প্ৰতিবাদত উত্তাল হাজোৰ ৰাজপথ

By

Published : Nov 13, 2019, 4:39 PM IST

কামৰূপ,13 নৱেম্বৰঃবুধবাৰে আছুৰ প্ৰতিবাদত উত্তাল হ'ল হাজোৰ ৰাজপথ। বিভিন্ন দুৰ্নীতি বন্ধ কৰাৰ দাবীত হাজো আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ক্ৰমাগতভাৱে হাজোত বৃদ্ধি পোৱা মদ,জুৱাৰ মুকলি বেহা বন্ধ কৰা,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলা দুৰ্নীতি বন্ধ কৰা,হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ স্নাতকৰ বিজ্ঞান শাখা অতিশীঘ্ৰে মুকলি কৰাৰ লগতে বিদ্যালয় সমূহত খালী হৈ থকা পদ সমূহ পূৰণ কৰা আদি বিভিন্ন দাবীত বুধবাৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক উপস্থিত থাকে।

আছুৰ প্ৰতিবাদত উত্তাল হাজোৰ ৰাজপথ

হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ উলিওৱা প্ৰায় ছয় কিঃমিঃ জোৰা ৰাজপথত ছাত্ৰ সন্থাৰ সদস্য সকলে মুখ্যমন্ত্ৰী হায় হায়,অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় হায় ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই বিক্ষোভ কাৰ্যসূচীত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

লগতে চাওকঃ সুদিন উভটিছে অসমীয়া ছবি জগতলৈ!

ABOUT THE AUTHOR

...view details