ৰঙিয়া, 1 এপ্ৰিল : নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে (Price hike in Assam) লাওলোৱা কৰা ৰাজ্যবাসীৰ মূৰত আন এক ৰাম টাঙোন সোধাইছে । কিয়নো এইবাৰ বৃদ্ধি পাইছে টোল কৰ (Toll increase in Assam) । ১ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হ’ল এই নতুন নিৰিখ (New rate of toll tax in Assam)।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণে জাৰি কৰা জাননী অনুসৰি পূৰ্বৰ তুলনাত ১৫% অধিক কৰ দিব লাগিব টোল প্লাজাসমূহত । যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুৱাহাটী ৰঙিয়া দৰংগা পৰিবহণ সন্থাই । ইফালে গাড়ীৰ ভাড়া বঢ়ালে চৰকাৰে লগাই ফাইন । আনফালে পেট্ৰ’ল ডিজেলৰ জুই চাই দাম তাৰে ওপৰতে আকৌ ১৫% অধিক টোল কৰ (Increase in toll tax after price hike of petrol diesel) দিয়া বিষয়টোক লৈ যথেষ্ঠ ক্ষোভিত হৈ পৰিছে সংগঠনটোৰ বিষয় ববীয়াসকল ৷
চৰকাৰে পূৰ্বে নিৰ্ধাৰণ কৰা ভাড়া বৰ্তমানে কোনো কাৰণেই গ্ৰহণ যোগ্য নহয় বুলি মন্তব্য কৰে গুৱাহাটী ৰঙিয়া দৰংগা পৰিবহণ সন্থাৰ বিষয়ববীয়াসকলে ।