কামৰূপ,15মাৰ্চ:দেওবাৰে গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ 'Nat Venture'ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা । ৰাণীৰ বেলগুৰীৰ পৰা আৰম্ভ হৈ চানডুবিলৈ ২১.১ কিলোমিটাৰ আৰু ৪২.২ কিলোমিটাৰৰ দুটা শিতানত পুৰুষ-মহিলা উভয়ৰে মাজত অনুস্থিত হয় এই মাৰাথন । প্ৰতিযোগিতাৰ প্ৰথম বিজয়ীৰ বাবে ১০,০০০ টকা, দ্বিতীয় বিজয়ীৰ বাবে 5,000টকা আৰু তৃতীয় প্ৰতিযোগীৰ বাবে ৩,০০০ টকাৰ পুৰস্কাৰৰ ব্যৱস্থা কৰা হয় ৷
ৰাণীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন দৌৰ প্ৰতিযোগিতা - 'Nat Venture'ৰ উদ্যোগত
'Nat Venture'ৰ উদ্যোগত মহানগৰীৰ সমীপৰ ৰাণীত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত অংশগ্ৰহন কৰে প্ৰায় ১৭০ গৰাকী খেলুৱৈয়ে ৷
ৰাণীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন দৌৰ প্ৰতিযোগিতা
উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ অনুস্থিত হোৱা এই মাৰাথনত অংশগ্ৰহন কৰে প্ৰায় ১৭০ গৰাকী খেলুৱৈয়ে । মুম্বাই, পুনে, দিল্লী, অৰুণাচল, মেঘালয় আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশ লয় এই মাৰাথন প্ৰতিযোগিতাত ৷
অন্য এক খবৰৰ বাবে:মাজুলীত 12 দিনে মুক্ত বিচৰণ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ