অসম

assam

ETV Bharat / state

গীতানগৰত দিন দুপৰতে কিশোৰীক অপহৰণৰ চেষ্টা - Student attamp to kiddping

মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে কিশোৰীক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ ৷ বিদ্যালয়লৈ অহাৰ সময়ত চকলেট দিয়াৰ চলেৰে দিন দুপৰতে 9 বছৰীয়া কিশোৰীক অপহৰণৰ চেষ্টা 3 জনীয়া দুৰ্বৃত্ত(Kidnapping attempt by 3 foiled)ৰ দলৰ । দুদিন পূৰ্বে উক্ত স্থানৰ পৰাই আন এগৰাকী কিশোৰীক অপহৰণৰ চেষ্টা কৰিছিল দলটোৱে ৷

Kidnapping attempt by 3 foiled
গীতানগৰত দিন দুপৰতে কিশোৰীক অপহৰণৰ চেষ্টা

By

Published : Nov 27, 2021, 10:53 PM IST

Updated : Nov 27, 2021, 11:00 PM IST

গুৱাহাটী, ২৭ নৱেম্বৰ : মহানগৰীৰ গীতানগৰ থানাৰ অন্তৰ্গত আমাৰ পথত শনিবাৰে সংঘটিত হয় চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা পথত এগৰাকী ৯ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা চলায় দুৰ্বৃত্তই । অৱশ্যে দুৰ্বৃত্তৰ দলে অপহৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কিশোৰীগৰাকীয়ে এজন অপহৰণকাৰীৰ হাতত কামোৰ মাৰি দিয়াত সৌভাগ্যক্ৰমে অপহৰণকাৰীৰ কৱলৰ পৰা ৰক্ষা পৰে । স্বাভাৱিকতে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।

মহানগৰীৰ গীতানগৰ হাইস্কুলৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী শনিবাৰে পুৱা বিদ্যালয়লৈ যোৱাৰ বাবে ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহিছিল । তেনে সময়ত হঠাৎ বগা ৰঙৰ এখন মাৰুতী ভানখনে কিশোৰীগৰাকীৰ কাষতে গাড়ীখন ৰখায় । প্ৰথমে বাহনখনৰ পৰা এজন লোক নামি আহি কণমানি কিশোৰীগৰাকীক এটা চকলেট যাচে । তাৰ পিছত হাতত বগা কাপোৰ এখন লৈ থকা আন এজনে কিশোৰীগৰাকীক মাক কামত গৈছে, আহোতে দেৰি হ’ব বুলি কৈ স্কুলত থৈ আহিব বুলি কৈ হাতত ধৰে । কিন্তু কিশোৰীগৰাকীয়ে মাক নহালৈকে নাযাওঁ বুলি জিদ ধৰাত অপহৰণকাৰীৰ এজনে কিশোৰীগৰাকীৰ হাতত ধৰি জোৰজবস্তি গাড়ীত বহুৱাবলৈ চেষ্টা কৰে ।

গীতানগৰত দিন দুপৰতে কিশোৰীক অপহৰণৰ চেষ্টা

এনেদৰে টনা-আজোৰা কৰি থকাৰ মাজতে কিশোৰীগৰাকীয়ে লোকজনৰ হাতত হাতত জোৰে কামুৰি দিয়াত কোনোমতে অপহৰণকাৰীৰ কৱলৰ পৰা মুকলি(Guwahati minor girls bravery) হৈ আহিবলৈ সক্ষম হয় । তাৰ পিছতো অপহৰণকাৰীৰ দলটোৱে কিশোৰীগৰাকীক পিছ নেৰাত শিশুটিয়ে ৰাস্তাৰ পৰা শিল বুটলি আনি অপহৰণকাৰীলৈ শিল দলিয়াই নিজকে ৰক্ষা কৰে ৷ কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক গোট খোৱাত ঘটনাস্থলীৰ পৰা বাহনখনসহ অপহৰণকাৰী দলটোৱে পলায়ন কৰিবলৈ বাধ্য হয় । পিছত কিশোৰীগৰাকীয়ে কান্দি কান্দি মাকক সমস্ত কথা বিবৰি কয় । কণমানি শিশুটিয়ে জানিবলৈ দিয়া মতে, শিশু অপহৰণৰ চেষ্টাৰে অনা এখন বগা ৰঙৰ মাৰুটি ভেনখনৰ ভিতৰত আছিল তিনিজনীয়া দুৰ্বৃত্তৰ এটা দল ।

আনহাতে দুৰ্বৃত্তৰ দলটোৰ লগতে আছিল বগা ৰঙৰ কাপোৰ পৰিধান কৰা আন এটি কণমানি শিশু । ইতিমধ্যে ঘটনাস্থলীৰ ওচৰত থকা CCTV কেমেৰাত বন্দী হৈছে শিশু অপহৰণৰ বাবে অহা বাহনখনৰ কিছু দৃশ্য । এই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে গীতানগৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত দুৰ্বৃত্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । উল্লেখ্য যেদুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল গীতানগৰৰ উক্ত স্থানত । মটৰ চাইকেলত অহা দুৰ্বৃত্তই নিউ গুৱাহাটী আদৰ্শ শিশু বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা আন এগৰাকী কিশোৰীকো অপহৰণৰ চেষ্টা চলাইছিল । হেলমেট পৰিধান কৰা দুৰ্বৃত্তই কণমানি কিশোৰীগৰাকীক বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ সময়তে হাতত ধৰি নিবলৈ চেষ্টা কৰে যদিও নিবলৈ সক্ষম নহয় ।

লগতে পঢ়ক :Illegal sand mining : কাৰ সাহসত তাণ্ডৱ চলাইছে বালি মাফিয়াই ?

Last Updated : Nov 27, 2021, 11:00 PM IST

ABOUT THE AUTHOR

...view details