অসম

assam

ETV Bharat / state

মাছখোৱাৰ এলাহাবাদ বেংক ছীল প্ৰশাসনৰ - ফাঁচী বজাৰ

ফাঁচী বজাৰত ১৬ গৰাকীকৈ লোক ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱা পিছত সম্পূৰ্ণ ফাঁচী বজাৰ জিলা প্ৰশাসনে ছীল কৰি কণ্টাইনমেণ্ট জ'ন হিচাপে ঘোষনা কৰে ৷ তাৰ পিছতেই শুকুৰবাৰে আবেলি জিলা প্ৰশাসনে ছীল কৰে মাছখোৱাস্থিত এলাহাবাদ বেংকটো।

ETV BHARAT
মাছখোৱাৰ এলাহাবাদ বেংক ছীল প্ৰশাসনৰ

By

Published : May 16, 2020, 1:24 PM IST

গুৱাহাটী, 16 মেঃ গুৱাহাটী মাছখোৱাত থকা এলাহাবাদ বেংক ছীল কৰিলে প্ৰশাসনে। ফাঁচী বজাৰৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত এজন লোক আহিছিল এলাহাবাদ বেংকটোলৈ । বেংকটোৰ কৰ্মচাৰী সকলকো প্ৰেৰণ কৰা হৈছে কোৱেৰেইণ্টাইন কেন্দ্ৰ লৈ।

মাছখোৱাৰ এলাহাবাদ বেংক ছীল প্ৰশাসনৰ

মহানগৰী গুৱাহাটীত কৰ'ণা ভাইৰছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। আনহাতে, প্ৰতিদিনে গুৱাহাটীত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কিছুদিন পূৰ্বে ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত ১৬ গৰাকীকৈ লোক ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱা পিছত সম্পূৰ্ণ ফাঁচী বজাৰ জিলা প্ৰশাসনে ছীল কৰি কণ্টাইনমেণ্ট জ'ন হিচাপে ঘোষনা কৰাৰ পিছত শুকুৰবাৰে আবেলি জিলা প্ৰশাসনে ছীল কৰে মাছখোৱাস্থিত এলাহাবাদ বেংকটো। ফাঁচী বজাৰৰ ক'ৰণা ভাইৰাছত আক্ৰান্ত এজন লোক মাছখোৱাস্থিত এলাহাবাদ বেংকলৈ লেন-দেনৰ বাবে অহাৰ তথ্য লাভ কৰাৰ পিছতে জিলা প্ৰশাসনে ছীল কৰিছে এলাহাবাদ বেংকটো। ইতিমধ্যে বেংকটোত কৰ্মৰত কৰ্মচাৰী সকলক হোম কোৱেৰেইণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে। বেংক কৰ্মচাৰী সকলৰ স্বোৱাৰ নমুনাও সংগ্ৰহ কৰা হৈছে আৰু ফলাফলৰ পিছতে নিশ্চিত হ'ব পৰা যাব যে বেংকৰ কোনো কৰ্মচাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে নে নাই ।

লগতে পঢ়ক- বঙাইগাঁৱৰ কন্টেইনমেন্ট জ'নত তীব্ৰ উত্তেজনা

ABOUT THE AUTHOR

...view details