অসম

assam

By

Published : Mar 17, 2021, 1:08 PM IST

ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰিৰ ৰাজনীতি: চৰকাৰৰ পৰা জবাব বিচাৰিলে উচ্চ ন্যায়ালয়ে

চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্দ্ধাৰণ কৰাৰ বাবে চৰকাৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ড৹ জে বি এক্কাৰ নেতৃত্বত যিখন এজনীয়া আয়োগ গঠন কৰি দিছিল সেই আয়োগে নিয়াৰিকৈ সকলো কাম আগবঢ়াই নি থকাৰ সময়তে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই চৰকাৰে অন্তৱৰ্তীকালীন ভাৱে ৫০ টকাকৈ মজুৰি বৃদ্ধিৰ অধিসূচনা জাৰি কৰিছিল । যাৰ বাবে চৰকাৰৰ এনে মইমতালিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৩৫ টাতকৈও অধিক বৃহৎ চাহ কোম্পানী ।

as_ghy_01_tea_labour_wages_court_7206058
চাহ শ্ৰমিকৰ মজুৰিৰ ৰাজনীতি: চৰকাৰৰ পৰা জবাব বিচাৰিলে উচ্চ ন্যায়ালয়ে

গুৱাহাটী, 17 মাৰ্চ: চাহ শ্ৰমিকৰ নূন্যতম দৈনিক মজুৰি ৩৫১ টকা হ’ব লাগে বুলি দীৰ্ঘ সময়ৰ পৰা দাবী উঠি আহিছিল ৷ যদিও ৰাজ্য চৰকাৰে অতি কাৰচাজিৰে চাহ শ্ৰমিকৰ ভোটৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ ঠিক আগে আগে এক অধিসূচনা জাৰি কৰি অন্তৱৰ্তীকালীন ভাৱে ৫০ টকাকৈ মজুৰি বৃদ্ধি কৰিছিল । কিন্তু ভোটৰ প্ৰতি চকু ৰাখি চৰকাৰে দৌৰাদৌৰিকৈ লোৱা এই সিদ্ধান্ত এতিয়া চৰকাৰখনৰ বাবে বুমেৰাং স্বৰূপ হৈ পৰিছে ৷

চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্দ্ধাৰণ কৰাৰ বাবে চৰকাৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ড৹ জে বি এক্কাৰ নেতৃত্বত যিখন এজনীয়া আয়োগ গঠন কৰি দিছিল সেই আয়োগে নিয়াৰিকৈ সকলো কাম আগবঢ়াই নি থকাৰ সময়তে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই চৰকাৰে অন্তৱৰ্তীকালীন ভাৱে ৫০ টকাকৈ মজুৰি বৃদ্ধিৰ অধিসূচনা জাৰি কৰিছিল । যাৰ বাবে চৰকাৰৰ এনে মৈমতালিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৩৫ টাতকৈও অধিক বৃহৎ চাহ কোম্পানী ।

ইতিমধ্যে বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কেইবাটাও শুনানি গ্ৰহণ কৰিছে ৷ শেহতীয়াকৈ বিগত ১৬ মাৰ্চতো উচ্চ ন্যায়ালয়ে এই প্ৰসংগত শুনানি গ্ৰহণ কৰে যদিও ৰাজ্য চৰকাৰে হঠাৎ ৫০ টকাকৈ মজুৰি বৃদ্ধিৰ কোনো আইনসংগত যুক্তি প্ৰদৰ্শন কৰিব নোৱাৰিলে । যাৰ পৰিপ্ৰেক্ষিতত আগন্তুক তিনি সপ্তাহ অৰ্থাৎ ২১ দিনৰ ভিতৰত বিষয়টো স্পষ্ট কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ।

কাজেই ভোটৰ অংকৰ প্ৰতি চকু ৰাখি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ৫০ টকাকৈ বঢ়াবলৈ লোৱা সিদ্ধান্ত এতিয়া স্বয়ং চৰকাৰখনৰ বাবেই বুমেৰাং স্বৰূপ হৈ পৰিছে ।

লগতে পঢ়ক-হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা নিৰ্দলীয় প্ৰাৰ্থীৰ

ABOUT THE AUTHOR

...view details