অসম

assam

ETV Bharat / state

গোলাঘাটৰ  দুৰ্ঘটনাত নিহত হৰেকৃষ্ণ কুমাৰৰ পৰিবাৰে কি কয় ?

গোলাঘাটৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু হয় মহানগৰীৰ জালুকবাৰী সুন্দৰবড়ীৰ হৰেকৃষ্ণ কুমাৰ নামৰ আৱকাৰী বিভাগৰ সহকাৰী উপ পৰিদৰ্শকগৰাকী । হৰেকৃষ্ণ শৰ্মাৰ মৃত্যুৰ খবৰ পাই শোঁকত ভাগি পৰিছে পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসী ।

আৱকাৰী বিভাগৰ সহকাৰী উপ পৰিদৰ্শক হৰেকৃষ্ণ কুমাৰ

By

Published : Sep 26, 2019, 7:56 PM IST

গুৱাহাটী,26ছেপ্টেম্বৰঃ গোলাঘাটৰ মৰঙীসাৰ গাঁৱত বুধবাৰে নিশা হোৱা পথ দুৰ্ঘটনাত তিনি আবকাৰী বিভাগৰ কৰ্মচাৰী গুৰুতৰ ভাৱে আহত হয় । ডাম্পাৰ আৰু টাটা চুমুৰ মাজত সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু হয় মহানগৰীৰ জালুকবাৰী সুন্দৰবড়ীৰ হৰেকৃষ্ণ কুমাৰ নামৰ আৱকাৰী বিভাগৰ সহকাৰী উপ পৰিদৰ্শকগৰাকী । হৰেকৃষ্ণ শৰ্মাৰ মৃত্যুৰ খবৰ পাই শোঁকত ভাগি পৰিছে পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসী । ইপিনে গুৱাহাটীত কৰ্মৰত বিষয়াগৰাকী হঠাৎ গোলাঘাটলৈ কৰ্মসূত্ৰে যাবলৈ নিৰ্দেশ দিয়া কাৰ্যত সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে । তাৰোপৰি দুৰ্ঘটনাটো পৰিকল্পিত ঘটনা আখ্যা দিয়ে মৃত বিষয়াগৰাকীৰ পৰিয়ালে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে হৰেকৃষ্ণ কুমাৰৰ পত্নী তথা স্থানীয় ৰাইজে । ইফালে এই ঘটনাৰ খবৰ বৰ্তমানলৈ বিভাগীয় ফালৰ পৰা পৰিয়ালটোক নজনোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালটোৱে । উল্লেখ্য যে, ইতিমধ্যেই এই ঘটনাৰ তদন্ত কৰিবলৈ উজনি অসমৰ আয়ুক্ত জুৰি সোণোৱালৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে ৰাজ্য চৰকাৰে ।

জালুকবাৰীত শোকৰ ছাঁ

ABOUT THE AUTHOR

...view details