আমিনগাঁও, 12 মাৰ্চঃবৃহস্পতিবাৰে সামৰণি পৰিল উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ ৷ এই উপলক্ষে এক দীঘলীয়া ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । গুৰু আসনত প্ৰতিষ্ঠা কৰি উলিওৱা দীঘলীয়া শোভাযাত্ৰাটোত বহু পুৰুষ মহিলাই অংশগ্ৰহণ কৰে । গালে মুখে আবিৰৰ ৰং সানি বহু যুৱক যুৱতীয়ে শোভাযাত্ৰাত অংশ লোৱাৰ লগতে খোল তাল,নাম প্ৰসংগৰে বেণ্ড পাৰ্টি আদিৰ সুৰত সমগ্ৰ উত্তৰ গুৱাহাটী বুৰ যায় ভক্তি ৰসত । দৌল গোবিন্দ কলীয়া গোঁসাইৰ আশীষ বিচাৰি হাজাৰ হাজাৰ ভক্তই ভিৰ কৰেহি দৌলগোবিন্দ মন্দিৰত । পাঁচ দিনীয়া দৌল উৎসৱত,ধৰ্মীয় লোকাচাৰেৰে আধ্যাত্মিকতাৰ প্ৰবাহমান গঙ্গাত আত্মোৎসৰ্গা কৰিছিল প্ৰতিজন ভক্তই । ৰঙৰ উৎসৱ দৌলত সকলোৱে প্ৰাৰ্থনা কৰি ভগৱন্তৰ পৰা লাভ কৰিছিল জীৱনৰ ছন্দ । কিন্তু কলীয়া গোঁসাই দৌল গোবিন্দক এবছৰৰ বাবে বিদায় দিবলগীয়া হোৱাত চকু সেমেকি উঠে প্ৰতিজন ভক্তৰ ।
বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল দৌল গোবিন্দৰ দৌল উৎসৱ - ঘুনুচা যাত্ৰা
ভক্তি বন্দনাৰে মুখৰিত দৌল গোবিন্দ মন্দিৰত নিমাওমাও পৰিৱেশ । বৃহস্পতিবাৰে ঘুনুচা যাত্ৰাৰে সামৰণি পৰিল দৌল গোবিন্দৰ দৌল উৎসৱৰ।
বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল দৌল গোবিন্দৰ দৌল উৎসৱ